গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: অসমৰ আকাশত এতিয়া ৰং বিৰঙী হেলিকপ্টাৰ । নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই আকাশত হেলিকপ্টাৰৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে । কেইদিনমানৰ পিছত হয়তো আকাশত দেখা যাব আৰু কেইবাখনো হেলিকপ্টাৰ ।
নিৰ্বাচনৰ সময়ত শাসক-বিৰোধী উভয় ৰাজনৈতিক দলে নিৰ্বাচনী সভা সমূহত ঘুৰি ফুৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰাটো কোনো নতুন কথা নহয় । কিন্তু এইবাৰ এই ক্ষেত্ৰত একপ্ৰকাৰ অভিলেশ গঢ়িছে শাসকীয় বিজেপি দলে । কিয়নো, এইবাৰৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিয়ে ব্যৱহাৰ কৰিব চাৰিখনকৈ হেলিকপ্টাৰ আৰু এখন চাৰ্টাৰ্ড বিমান । ইয়াৰে দুখন হেলিকপ্টাৰ ইতিমধ্যে ব্যৱহাৰ কৰি থকা হৈছে । চাৰিখন হেলিকপ্টাৰৰ ভিতৰত এখন হৈছে মুখ্যমন্ত্ৰীৰ বাবে, এখন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ বাবে, এখন মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ বাবে আৰু চতুৰ্থখন কেন্দ্ৰীয় নেতাসকলৰ বাবে । তাৰোপৰি বৰঝাৰত ৰখা হৈছে এখন চাৰ্টাৰ্ড বিমান ।
আনহাতে বিৰোধী দল কংগ্ৰেছে দুখন আৰু এ আই ইউ ডি এফে এখন হেলিকপ্টাৰ ব্যৱহাৰৰ বাবে আগবাঢ়িছে । পিছ পৰি ৰোৱা নাই চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদো । নিৰ্বাচনৰ সময়ত এখন হেলিকপ্টাৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিছে দলটোৱে ।
লগতে পঢ়ক:কোনেও হ'ব নিবিচাৰে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী !