ETV Bharat / state

সুৰাৰ বন্যা বোৱাই সুৰাপায়ীক নিয়ন্ত্ৰণৰ কঠোৰ অভিযান - নিষেধাজ্ঞা

Massive crackdown on Alcohol Consumption: এইবাৰ ৰক্ষা নাই সুৰাপায়ী চালকৰ । মাঘ বিহু পর্যন্ত চলিব আৰক্ষীৰ কঠোৰ অভিযান । দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে সষ্টম আৰক্ষী-প্ৰশাসন । সুৰাপান কৰি যান-বাহন চলাই ধৰা পৰিলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা নাইবা সন্মূখীন হ’ব লাগিব ছয় বছৰৰ কাৰাদণ্ডৰ । মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত প্ৰতিখন জিলাৰ প্ৰশাসনে ইতিমধ্যেই চালকসকলৰ বাবে জাৰি কৰিছে ৭ টা নিষেধাজ্ঞা ।

Police conduct massive crackdown on alcohol consumption in assam
সাৱধান এইবাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:56 PM IST

গুৱাহাটী, ২৬ ডিচেম্বৰ : উৎসৱ-পাৰ্বণ আহিলেই আৰক্ষী-প্ৰশাসনকে ধৰি আৱকাৰী বিভাগ আৰু পৰিবহণ বিভাগ সষ্টম হৈ পৰাটো নতুন কথা নহয় । নৱবৰ্ষ আৰু মাঘ বিহু অহাৰ লগে লগে পুনৰ তাৰেই আভাস পৰিস্ফুট হৈছে । বিশেষকৈ সুৰাপায়ী গাড়ী চালকক কেন্দ্ৰ কৰি বিশেষ তৎপৰতা অৱলম্বন কৰা হৈছে । আনবাৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰতিটো ৰাজপথত সুৰাপায়ী চালকৰ ওপৰত থাকিব আৰক্ষী আৰু পৰিবহণ বিভাগৰ শেনচকু । কেৱল নৱবৰ্ষই নহয় মাঘবিহু পর্যন্ত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলি থাকিব এই অভিযান ।

Police conduct massive crackdown on alcohol consumption in assam
সুৰাপায়ীক নিয়ন্ত্ৰণৰ ব্যাপক কঠোৰ অভিযান

ইয়াৰ মাজতো কেনেবাকৈ কোনোবাই যদি সুৰাপান কৰি যান-বাহন চলাই আৰু আৰক্ষী-পৰিবহণ বিভাগে পতা জালত পৰে তেনেহ’লে লগে লগে দিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা অথবা সাজু হ’ব লাগিব ৬ বছৰৰ কাৰাদণ্ডৰ বাবে । উল্লেখ্য যে, বিগত বৰ্ষত অর্থাৎ ২০২২ চনত প্ৰায় ৩০০০ লোকৰ অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু ইয়াৰ বেছিভাগ দুৰ্ঘটনাৰ মূল কাৰণ আছিল সুৰাপায়ী চালক । অকল ৩১ ডিচেম্বৰ আৰু ভোগালী বিহুৰ উৰুকাৰ দিনাই এটা সময়ত অসমত দুর্ঘটনাই অভিলেখ ৰচিছিল । সেয়েহে এইবাৰ ৰাজ্য চৰকাৰ অত্যন্ত কঠোৰ হৈছে আৰু কোনো পৰিস্থিতিতে সুৰাপায়ী চালকক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছে আৰু ভোগালী বিহু পর্যন্ত ২৪ ঘণ্টাই প্ৰতিখন যান-বাহনৰ চালক কঠোৰ ‘মনিটৰ’ত থাকিব ৷

ৰক্ষা নাই সুৰাপায়ী চালকৰ

মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত প্ৰতিখন জিলাৰ প্ৰশাসনে ইতিমধ্যেই চালকসকলৰ বাবে ৭টা নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি অত্যধিক বেগত যান-বাহন চলালে ২ হাজাৰ টকা জৰিমনা দিয়াই নহয় অনুজ্ঞা-পত্ৰ পৰ্যন্ত বাতিল হ’ব পাৰে । সেইদৰে ছিট বেল্ট নমৰাকৈ গাড়ী চলালে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা । মোবাইলত কথা পাতি বা মেছেজ লিখি গাড়ী চলাই যাওঁতে ধৰা পৰিলে জৰিমনা দিব লাগিব ৫ হাজাৰ টকা । ৰাস্তা পাৰ হওঁতে মোবাইলত কথা পাতি যাব নোৱাৰিব, বাইকত উঠা দুয়োজনেই হেলমেট পিন্ধাটো বাধ্যতামূলক, অন্যথা দিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা ৷

ব্যাপক কঠোৰ অভিযান

ইতিমধ্যেই এইক্ষেত্ৰত যান-বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগ সক্ৰিয় হৈ পৰিছে । লক্ষ্যণীয় বিষয় যে, শেহতীয়াকৈ অসম আৰক্ষীত সংযোজিত হোৱা ১০ খন ইণ্টাৰচেপ্টৰ আৰু ১৫০ টা ট্ৰেড এনালাইজাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে । গতিকে সাৱধান নহ’লে বিপদ অনিবাৰ্য । ইতিমধ্যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে অভিযান । গুৱাহাটীৰ ঠায়ে ঠায়ে আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে সুৰাপায়ী চালকৰ ওপৰত ৷

উল্লেখ্য যে, বিগত বৰ্ষত ৰাজপথত নিজে নামি পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২০২২ বৰ্ষৰ অন্তিমটো দিনা অৰ্থাৎ ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ গণেশগুৰি, ভঙাগড়, উলুবাৰী, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোডত আদিত দেখা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক । আৰক্ষীয়ে সুৰাপায়ীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ নিজেই বুজ লোৱাৰ উপৰি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিশ তদাৰক কৰিছিল । এইবাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰাপায়ী চালকৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আৰক্ষী আৰু জিলা প্ৰশাসনক অভিযান চলাবলৈও নিৰ্দেশ প্ৰদান কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত অধিক কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ।

লগতে পঢ়ক : পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিত সুৰাপান কৰিবলৈ গৈ বিপদ চপাই নল’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.