ETV Bharat / state

মোডী আহিব : ১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ

author img

By

Published : Apr 17, 2022, 5:44 PM IST

অহা ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to arrive in Assam)। ডিব্ৰুগড় আৰু ডিফুৰ বিশাল কাৰ্যসূচীত অংশ ল'ব মোডীয়ে । ডিফুৰ ৰেলীত কমেও পাঁচ লাখ লোক সমবেত কৰাবলৈ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে । ইয়াৰ বিশেষ দায়িত্ব দিয়া হৈছে পৰিবহণ বিভাগক । যাৰ বাবে অতি ব্যস্ত হৈ পৰিছে অসমৰ পৰিবহণ বিভাগ ।

Modi
১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ

গুৱাহাটী, ১৭ এপ্ৰিল : ৰাজ্যৰ পৰিবহণ বিভাগত হাহাকাৰ লাগিছে । কোনোবাই হেলমেট নিপিন্ধাকৈ বা চীট বেল্ট নমৰাকৈ যান-বাহন চলাই আইন ভংগ কৰাৰ বাবে এই হাহাকাৰ লগা নাই । লাগিছে প্ৰধানমন্ত্ৰীৰ আসন্ন অসম ভ্ৰমণক লৈ ।

২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to arrive in Assam on April 28)। ডিব্ৰুগড় আৰু ডিফুত দুটাকৈ কাৰ্যসূচীত ভাগ ল'বলৈ মোডী আহিব অসমলৈ । এই দুয়োটা কাৰ্যসূচীৰ ভিতৰত বৃহৎ কাৰ্যসূচীটো আছে ডিফুত (PM Modi to attend a function in Diphu)। শান্তি আৰু বিকাশৰ ৰেলী শীৰ্ষক এক ৰাজহুৱা সভাত ডিফুত তেওঁ ২৮ এপ্ৰিলত ভাগ ল'ব ।

বিজেপি দল আৰু চৰকাৰৰ ফালৰ পৰা ডিফুৰ এই ৰেলীত কমেও পাঁচ লাখ লোক সমবেত কৰাবলৈ লক্ষ্য স্থিৰ কৰা হৈছে । ইয়াৰ বাবে দিছপুৰৰ ফালৰ পৰা অনানুষ্ঠানিকভাৱে গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ৰাজ্যৰ পৰিবহণ বিভাগক । বিভাগটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণৰ বাবে প্ৰায় ১০ হাজাৰ গাড়ী গোটোৱাৰ ভাৰ দিয়া হৈছে পৰিবহণ বিভাগক । বাছৰ পৰা আৰম্ভ কৰি সৰু সুৰা সকলো গাড়ীলৈকে ।

যাৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰি পৰিবহণ বিভাগ নামি পৰিছে দহ হাজাৰ গাড়ী গোটোৱাৰ অভিযানত । বিহুৰ বন্ধ, দেওবৰীয়া বন্ধ এইবিলাক এই কেইদিনত পৰিবহণ বিভাগত নোহোৱাৰ দৰেই হৈছে । কিয়নো দহ হাজাৰ গাড়ী একত্ৰিত কৰাটো মুখৰ কথা নহয় । আনকি দেওবাৰৰ দিনটোতো পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ ইখনৰ পিছত সিখনকৈ বৈঠকত মিলিত হয় । উদ্দেশ্য- গাড়ী ।

প্ৰাপ্ত তথ্য মতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ দিনটোৰ বাবে ৰাজ্যিক পৰিবহণ নিগমৰ পৰা বাছৰ যোগান ধৰাটো ইতিমধ্যে নিশ্চিত হৈছে যদিও সেয়াই পৰ্যাপ্ত নহ'ব । যাৰ বাবে এতিয়া বিভিন্ন ব্যক্তিগত বাছ, ট্ৰেভেলাৰ, মেজিক আদি অধিগ্ৰহণৰ বাবে পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে (Transport department acquires car for PM program)। কিন্তু তাতো এক নতুন সমস্যাই দেখা দিছে ।

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যি ভাড়া, সেই ভাড়াত গাড়ী দিব বিচৰা নাই বহু যান-বাহনৰ মালিকে । ফলত এতিয়া দহ হাজাৰ গাড়ী গোটোৱাটো আৰু অধিক মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে পৰিবহণ বিভাগৰ বাবে । কাৰ্বি আংলং জিলাৰ ডিফুৰ লৰিংথেপিত প্ৰায় পাঁচশ বিঘা মাটিত ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ এই বিশাল ৰেলীৰ ব্যৱস্থা কৰা হৈছে । সভাথলীৰ সমীপত নিৰ্মাণ কৰি থকা হৈছে এখন অস্থায়ী হেলিপেডো । স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই তদাৰক কৰি আছে এই প্ৰস্তুতিৰ । শনিবাৰেও তেওঁ ডিফুত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লৈছিল ।

লগতে পঢ়ক :মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.