ETV Bharat / state

PM Modi Guwahati Visit : কইনাধৰাত অসম মন্ত্ৰীসভাৰে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰীৰ - PM Modi attend Nagaland CM oath taking ceremony

মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীয়ে (PM Narendra Modi Guwahati visit) । তাৰ পৰা বাহিৰে বাহিৰে কইনাধৰা ৰাজ্যিক অতিথিশালালৈ যায় মোদী । কইনাধৰাত অসমৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী ।

PM Modi attend Conrad Sangma swear in
PM Modi meeting with Assam cabinet ministers
author img

By

Published : Mar 7, 2023, 9:59 PM IST

গুৱাহাটী, ৭ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণৰ পিছত মঙলবাৰে সন্ধিয়া আহি গুৱাহাটীত উপস্থিত হয় (PM Narendra Modi Guwahati visit) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজাত নাগালেণ্ডৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে অৱতৰণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰতে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় (CM Himanta Biswa Sarma welcome Modi) । বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক অসমৰ থলুৱা পৰম্পৰাগত গীত-নৃত্যৰে আদৰণি জনায় ।

মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বৰঝাৰ বিমান‌বন্দৰ সজাই-পৰাই তোলা হৈছিল । উল্লেখ্য যে, অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পুৱা প্ৰায় ১০.১৫ মিনিটত বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে অৱতৰণ কৰিছিল । তাৰ পৰা প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে শ্বিলঙলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী (PM Modi attend Conrad Sangma swear in) ।

আনহাতে, তিনিখন বিশেষ হেলিকাপ্টাৰেৰে তেওঁক সুৰক্ষা দি নিয়া হৈছিল । শ্বিলঙৰ ৰাজভৱনত কনৰাড চাংমাৰ নেতৃত্বাধীন নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীয়ে । তাৰ পিচত দিনৰ ডেৰ বজাত কোহিমাৰ ৰাজধানী সাংস্কৃতিক প্ৰকল্প চৌহদত অনুষ্ঠিত নেফিউ ৰিঅ'ৰ নেতৃত্বাধীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী (PM Modi attend Nagaland CM oath taking ceremony) । দুয়োটা অনুষ্ঠানতে অংশ লোৱাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহে প্ৰধানমন্ত্ৰী মোদী ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশাটো কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত কটাব । তাতেই তেওঁ 6.45 বজাত অসম চৰকাৰৰ কেবিনেটত অংশ ল'ব (PM Modi meeting with Assam cabinet ministers) । জানিব পৰা মতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাত অসম চৰকাৰৰ মন্ত্ৰীসকলৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হ'ব । উক্ত বৈঠকত প্ৰধানমন্ত্ৰীয়ে অসমৰ মন্ত্ৰীসকলৰ পৰা তেওঁলোকৰ কামৰ খতিয়ান ল'ব । আনহাতে, 8 মাৰ্চৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰালৈ ৰাওনা হ'ব । 8 মাৰ্চত 9.45 বজাত গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ ৰাওনা হব মোদী । তাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিব ।

ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক লৈ গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে আগন্তুক দুদিনত গুৱাহাটীত দ্ৰোণ উৰুওৱাটো নিষিদ্ধ কৰা হৈছে । ইপিনে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । যান-বাহন আৰক্ষীৰ দ্বাৰা গধুৰ যান-বাহন চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক :Conrad Sangma Sworn in : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.