ETV Bharat / state

প্ৰধানমন্ত্ৰীৰে ভিডিঅ' কনফাৰেঞ্চ দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

সোমবাৰে 17 মে'ৰ পৰৱৰ্তী সময়ত লক্ ডাউন সম্পৰ্কত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেই বিষয়ে আলোচনা সন্দৰ্ভত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে, ভিডিঅ' কনফাৰেঞ্চত ভাগ লয় প্ৰধানমন্ত্ৰীয়ে ।

author img

By

Published : May 11, 2020, 8:47 PM IST

pm attended a video conference with the chief ministers from differnt states of india

গুৱাহাটী, ১১ মে': ১৭ মে'ত শেষ হ'ব তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ সময়সীমা । দেশজুৰি এতিয়া এটাই প্ৰশ্ন ! ১৭ মে'ৰ পিচত পুনৰ লক্ ডাউন-৪ আৰম্ভ হ'ব নেকি ? কেউদিশে এতিয়া সেয়াই উৎকণ্ঠা । তাৰ মাজতে সোমবাৰে ১৭ মে'ৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত ভাগ লয় ।

প্ৰধানমন্ত্ৰীৰে ভিডিঅ' কনফাৰেঞ্চ দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ

দিছপুৰৰ জনতা ভৱনৰ পৰা এই ভিডিঅ' কনফাৰেঞ্চত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও । মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰিও ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তও এই কনফাৰেঞ্চত উপস্থিত থাকে । পূৰ্বৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয় যে, ১৭ মে'ৰ পৰৱৰ্তী পদক্ষেপ কেন্দ্ৰই যি গ্ৰহণ কৰিব অসমে সেয়াই মানি ল'ব । উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে দুপৰীয়া কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গৌবাই ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এই সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চত মিলিত হৈছিল ।

লগতে পঢ়কঃ লক্​ ডাউন শিথিল নকৰিলে আৰু বেছি ক্ষতি হ’বঃ তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.