গুৱাহাটী, 23 মে': আজি দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল গণনা কৰা হৈছে ৷ পুৱাৰে পৰা দেশত বিজেপিয়ে অগ্ৰগতি লাভ কৰাত কংগ্ৰেছৰ শিবিৰ শংকিত হোৱা পৰিলক্ষিত হৈছে ৷
বৰ্তমান গুৱাহাটীস্থিত কংগ্ৰেছ দলৰ মুখ্য কার্যালয় ৰাজীৱ ভৱন জনশূন্য হৈ পৰিছে ৷ ৰাজীৱ ভৱনত এই পৰ্যন্ত এজনো কংগ্ৰেছ দলৰ নেতা-কৰ্মী পৰিলক্ষিত হোৱা নাই ৷ অসমত কংগ্ৰেছ দলৰ শোচনীয় অৱস্থা দেখি কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে ৰাজীৱ ভৱন ত্যাগ কৰাৰ সন্দেহ একাংশ লোকৰ ৷ উল্লেখ্য যে বৰ্তমান সমগ্ৰ দেশত বিজেপি মিত্ৰজোঁটে 300 খন আসনতকৈও অধিক আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটৰ দলে 11 বজালৈকে 86 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ অসমৰ 14 খন আসনত বৰ্তমান বিজেপিয়ে 11 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷