গুৱাহাটী, ১৩ মাৰ্চ : ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীতাৰে প্ৰতিবাদত বহিল দীপৰ বিলৰ সমীপৰ পামহী কাৰ্বিপাৰাবাসী ৰাইজ । দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ আৱৰ্জনা নিষ্কাশন কৰি আহিছে(Dumping Ground near Dipor Bil)। যাৰফলত দীপৰ বিলৰ দুয়োপাৰে থকা বৃহত্তৰ অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লক্ষণীয় বিষয়টো এয়ে যে, বিগত সময়চোৱাত গুৱাহাটী পৌৰ নিগমে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি নিগমে কাৰ্যকৰী নকৰাত দাঁতি কাষৰীয়া অঞ্চলসমূহ লাহে লাহে প্ৰদূষণৰ কৱলত পৰিছে(Dipor Bil has started polluting the area) ।
যাৰ ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজৰ আহ্বান মৰ্মে দেওবাৰে অঞ্চলটোৰ পুৰুষ-মহিলা নিৰ্বিশেষে কেইবা শতাধিক লোকে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ওলাই আহি পশ্চিম বৰাগাঁৱৰ বেলৰতলত ডাম্পিং গ্ৰাউণ্ড সংযোগী পথত তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(People protest against dumping ground near Dipor Bil) ।
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পামহী কাৰ্বিপাৰাবাসী ৰাইজৰ কাৰ্যকৰী সভাপতি সুশীল টেৰণ, সম্পাদক ডেভিড টেৰণ, কাৰ্বি মহিলা সমাজৰ দময়ন্তী ইংতি, প্ৰমিলা টেৰণ, পদ্মিনী ৰংছালে প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলক মৃত্যুমুখলৈ ঠেলি দিয়াৰ লক্ষৰে পৌৰ নিগমে অঞ্চলটোত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে । আনকি দুৰ্গন্ধ নাশ কৰাৰ বাবে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত বৈজ্ঞানিক পদ্ধতি তথা তেনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি পৌৰ নিগমে দিয়া প্ৰতিশ্ৰুতিও পালন নকৰা বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে ।
ইফালে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম গুৱাহাটীৰ সচেতন নাগৰিক মঞ্চৰ সম্পাদক তৰুণ তালুকদাৰ, সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাকে আদি কৰি মঞ্চৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে ।
আনহাতে, তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলাবলৈ বহু বাহন পথৰ মাজতে আবদ্ধ হৈ পৰে। পৌৰ নিগমে শীঘ্ৰেই বৈজ্ঞানিক পদ্ধতিৰে দুৰ্গন্ধ আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে পামহী কাৰ্বিপাৰাবাসী ৰাইজে ।
লগতে পঢ়ক : কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত সৃষ্টি হ’ব পাৰে ধুমুহা !