ETV Bharat / state

নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস - লঠঙা ফাগুনেও বসন্তক আদৰি আনে

প্ৰতিজন অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে ঋতুৰাজ বসন্তৰ অনুভৱ ৷ নাহৰ কেতেকীৰ সুবাসত মতলীয়া হৈ পৰা প্ৰতিজন অসমীয়াৰ হৃদয়ৰ প্ৰাবল্যত অনুভৱী ব’হাগে প্ৰতিপল জীপাল কৰি তুলিছে ৷ লঠঙা ফাগুনেও বসন্তক আদৰি আনে সংগোপনে সযতনে ৷ এয়া যে ব’হাগ, অসমীয়াৰ আকলুৱা হেপাঁহ ৷

নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস

author img

By

Published : Apr 9, 2021, 8:00 PM IST

নিউজ ডেস্ক,9 এপ্ৰিল: ঢোলৰ মাতত মতলীয়া ব’হাগ,

টিহিটি পেপাঁৰ সুৰত চঞ্চল ব’হাগ,

মাকোৰ খিটখিটনিত ব’হাগ ,

ঢোলৰ গুমগুমনিত ব’হাগ ৷

অসমীয়াৰ চৌপাশত এতিয়া ব’হাগ নামিছে, বসন্তক আদৰিবলৈ সাজো প্ৰতিজন অসমীয়া ৷ ঘৰে ঘৰে গৰকাৰ মাত , তাতঁৰ শালত চেনাইৰ বিহুৱান ৷ নাচনীৰ ঘিলা খোপাত প্ৰাণ পাই উঠিছে ব’হাগৰ আপুৰুগীয়া কপৌ ৷

চ’তৰ শেষৰ বৰদৈচিলাই ব’হাগক হাত বাউল দি মাতিছে ৷ চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰাই আৰম্ভ হয় 7 দিনীয়া ব’হাগ বিহু ৷ চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰ পৰা আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু,ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে সামৰা হয় এই 7 দিনীয়া ব’হাগ ৷

নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস

প্ৰতিজন অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে ঋতুৰাজ বসন্তৰ অনুভৱ ৷ নাহৰ কেতেকীৰ সুবাসত মতলীয়া হৈ পৰা প্ৰতিজন অসমীয়াৰ হৃদয়ৰ প্ৰাবল্যত অনুভৱী ব’হাগে প্ৰতিপল জীপাল কৰি তুলিছে ৷ লঠঙা ফাগুনেও বসন্তক আদৰি আনে সংগোপনে সযতনে ৷ এয়া যে ব’হাগ, অসমীয়াৰ আকলুৱা হেপাঁহ ৷

ব’হাগতেই প্ৰাণ পাই উঠে বৰপেৰাত সাঁচি থোৱা আইতাৰ পুৰণি ৰিহাখনত থকা নাাচনীৰ হেপাঁহ ৷

ফাগুনে এৰি যোৱা লঠঙা গছবোৰক কুঁহিপাতেৰেই সেউজীয়া সানে ব’হাগে ৷ কোমল কুঁহিপাতৰ আঁৰে আঁৰে অনুভৱী কুলি কেতেকীৰ মাতে উতনুৱা কৰিছে নাচনীৰ মন। এই ব’হাগেই ন ৰূপত ন সাজত সজাই তোলে প্ৰতিজন অসমীয়াৰ মন- প্ৰাণ ৷ ব’হাগ সচাকৈয়ে সুকীয়া, ব’হাগৰ ন ৰুপত ন সাজত বিলীন হৈ পৰে সকলো ৷ বিগত বৰ্ষত ক’ৰণা মহামাৰী সংক্ৰমণৰ বাবেই আয়োজন কৰা ন’হল বাপোটিসাহোন ৰঙালী বিহু ৷ সেয়ে এইবেলি ব’হাগক আদৰিবলৈ সম্পূৰ্ণ উলাহ মালহেৰে সাজু হৈ উঠিছে প্ৰতিজন অসমীয়া ৷ নাহৰে অনা ব’হাগৰ খবৰত আলফুলীয়া কপৌফুলৰ সুবাসত আকলুৱা হৈ ৰ’ব অসমীয়াৰ হিয়াৰ আমঠু ব’হাগ ৷

লগতে পঢ়ক: ধেমাজি বুটিকোৰত বোৱাৰী বিহুত ব্যস্ত মহিলাসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.