ETV Bharat / state

পাণ্ডুত ভয়ংকৰ ভূমিস্খলন - গাৰ্ড ৱাল

অতি বিপদজনক অৱস্থা অনুকুল ঠাকুৰ মন্দিৰ ৷ গেমন ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

pandu guwahati  landslide
পাণ্ডুত ভয়ংকৰ ভূমিস্খলন
author img

By

Published : Jun 27, 2020, 10:52 PM IST

গুৱাহাটী,27জুনঃ গুৱাহাটী মহানগৰীৰ পাণ্ডুত বাসগৃহৰ ওপৰত পাহাৰীয়া পথ খহি পৰাৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ইপিনে কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী বৃদ্ধাৰ লগতে পৰিয়ালটোৰ ৷ গেমন ইণ্ডিয়াই অঞ্চলটোত পানীৰ পাইপ বহুৱাৰ নামত পথসমূহ খান্দি অতি বিপদজনক ভাৱে এৰি থৈ গৈছিল । ফলত যোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত খহি পৰে গাৰ্ড ৱাল । ফলত গেমনৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিবলগীয়া হৈছে এতিয়া অঞ্চলটোৰ ৰাইজে ৷

পাণ্ডুত ভয়ংকৰ ভূমিস্খলন

ইফালে অঞ্চলটোৰ পাণ্ডু নাথস্থিত অনুকুল ঠাকুৰ মন্দিৰৰ প্ৰকাণ্ড অট্টালিকা আৰু গাৰ্ড ৱালো যিকোনো মূহুৰ্ততে খহি যাব পাৰে । ফলত মন্দিৰৰ তলৰ চৌহদত থকা প্ৰায় ১৫ ঘৰ লোকে এতিয়া শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । অঞ্চলটোৰ ৰাইজে প্ৰাণ ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে । উল্লেখযোগ্য যে, বৰ্তমান অতি ভয়ংকৰ স্থান ৰূপে চিহ্নিত হৈছে উক্ত পাহাৰীয়া অঞ্চলটো ৷

লগতে পঢ়কঃ বাঢ়নীপানী চাবলৈ গৈ সন্ধানহীন কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.