ETV Bharat / state

অস্বাস্থ্যকৰ-ভেজাল খাদ্য বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ তথ্য আয়োগৰ - স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকালয় কামৰূপ

ৰাজ্যিক তথ্য আয়োগে অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰা, খাদ্য ভেজালত লিপ্ত হোৱা বিক্ৰেতা বা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ লগতে আইন সংশোধন কৰি গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে জি এম চিক ৷ আৰ টি আই কৰ্মী তথা সমাজকৰ্মী উৎপল দাসে এইসমূহ প্ৰতিষ্ঠানৰ বিৰুদ্ধে জি এম চি য়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তাৰ তথ্য বিচাৰি আৰ টি আই আইনৰ অধীনত জি এম চিত আবেদন দাখিল কৰিছিল (Unhealthy food in Guwahati hotel)।

Unhealthy food in Guwahati hotel
অস্বাস্থ্যকৰ খাদ্য বিক্ৰী আৰু খাদ্য ভেজাল কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
author img

By

Published : May 25, 2022, 6:36 PM IST

গুৱাহাটী, ২৫ মে’: গুৱাহাটী মহানগৰীৰ খাদ্যৰ বিপনীসমূহত 'অসুৰক্ষিত, নিম্ন মানদণ্ড আৰু ভুল ব্ৰেণ্ডেড' খাদ্য সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰিয়ে নিজৰ দায়িত্ব সামৰিছে গুৱাহাটী পৌৰ নিগমে । ফলত অসাধু ব্যৱসায়ীয়ে নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত অস্বাস্থ্যকৰ, নিম্ন মানদণ্ডৰ খাদ্য বিক্ৰী কৰি আহিছে । খাদ্য বিপনীসমূহত স্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰি আছে নে নাই তাক পৰীক্ষা কৰি গোচৰ ৰুজু কৰাৰ কোনো ব্যৱস্থা নাই গুৱাহাটী পৌৰ নিগমৰ (Unhealthy food in Guwahati hotel)।

অস্বাস্থ্যকৰ খাদ্য বিক্ৰী আৰু খাদ্য ভেজাল কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

এই কথাত ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ তথ্য আয়োগে(Assam Information Commission) । আয়োগে অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰা, খাদ্য ভেজালকৰণত লিপ্ত হোৱা বিক্ৰেতা বা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ লগতে আইন সংশোধন কৰি গোচৰ পঞ্জীয়ণ কৰিবলৈ নিৰ্দেশ দিছে জি এম চিক । আৰ টি আই কৰ্মী তথা সমাজকৰ্মী উৎপল দাসে(RTI activist Utpal Das) মহানগৰীত মুনাফা আদায়ৰ স্বাৰ্থত অসাধু ব্যৱসায়ীয়ে খাদ্য ভেজাল আৰু অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰি অহাসকলৰ বিৰুদ্ধে জি এম চি য়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তাৰ তথ্য বিচাৰি আৰ টি আই আইনৰ অধীনত জি এম চিত আবেদন দাখিল কৰিছিল।

জি এম চিয়ে কোনো ধৰণৰ তথ্য দাখিল নকৰাত তেও ৰাজ্যিক তথ্য আয়োগৰ ওচৰত আবেদন কৰে । ইয়াৰ পাছতে তথ্য আয়োগে জিম এম চিক তথ্য বিচৰাত জি এম চিয়ে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে জৰিমনা বিহি আহিছে বুলি উল্লেখ কৰিছিল । ইয়াৰ পাছতে ৰাজ্যৰ তথ্য আয়োগে খাদ্য ভেজালত লিপ্ত হোৱা বিক্ৰেতা বা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে আইন সংশোধন কৰি গোচৰ পজ্ঞীয়ন কৰিবলৈ নিৰ্দেশ দিছে জি এম চিক(Guwahati municipal corporation) । কিন্তু বৰ্তমনানলৈ জি এম চিয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উৎপল দাসে কয় যে এই বিষয়ে জানিবলৈ তেওঁ আৰটিআই আইনৰ অধীনত জিএমচি আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকালয় কামৰূপ (মেট্ৰো)ৰ (Joint Director of Health Services)ওচৰত আবেদন দাখিল কৰিছিল । স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীত 'অসুৰক্ষিত, নিম্ন মানদণ্ড আৰু ভুল ব্ৰেণ্ডেড' সামগ্ৰী বিক্ৰী কৰাসকলৰ বিৰুদ্ধে প্ৰায় 129 টা গোচৰ ৰুজু কৰা হৈছিল বুলি তথ্য প্ৰকাশ কৰিছে । য’ত ৰেডিচন ব্লু, তাজ ভিভান্টা, গোবিন্দম আদিকে ধৰি বহু আভিজাত্য হোটেল, ৰেষ্টুৰেন্টৰ নাম আছে ।

কিন্তু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ ফালৰ পৰাও এইসমূহ অসাধু ব্যৱসায়ৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলোৱা নহয় বুলি অভিযোগ উত্থাপন কৰে তেওঁ । তেওঁ জি এম চিৰ বিষয়াসকলেও নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত কাম কৰা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.