ETV Bharat / state

Lok Sabha Election 2024 : কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ বিৰোধী ঐক্যত খলকনি - কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই অজ্ঞতা প্ৰকাশ কৰিলেও ৰাজহুৱা হোৱা ৮৪ জনীয়া তালিকাই আউল লগাইছে বিৰোধী ঐক্যত । মিশ্ৰিত প্ৰতিক্ৰিয়া বিৰোধী ঐক্যৰ । আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্রত আলোচনাৰ মাজেৰে সিদ্ধান্ত গ্ৰহণৰ পোষকতা বিৰোধী ঐক্যত থকা দলীয় নেতৃত্বৰ ।

কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ বিৰোধী ঐক্যত খলকনি
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:17 PM IST

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৩ অক্টোবৰ : নেতৃত্বই অজ্ঞতা প্ৰকাশ কৰিলেও কিন্তু কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ প্ৰস্তাৱিত তালিকাই আউল লগাইছে বিৰোধীৰ ঐক্যত । উল্লেখ্য যে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ দৰে অসমতো ১২টা বিৰোধী দল ঐক্যবদ্ধ হৈছে । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চই আসন ভাগ-বটোৱাৰাক লৈ এতিয়াও কোনো ধৰণৰ আলোচনাত বহা নাই । কিন্তু বিৰোধী ঐক্যমঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে ।

১৪টা সমষ্টিত বিৰোধীৰ আসনৰ প্ৰসংগত কোনো ধৰণৰ আলোচনা নোহোৱাৰ মাজতে কংগ্ৰেছৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ প্ৰস্তাৱিত তালিকা প্ৰকাশ পাইছে । যিখন তালিকাত কংগ্ৰেছে ১৪ টা সমষ্টিৰ বিপৰীতে ৮৪ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰিছে । অৱশ্যে এই তালিকাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশ নেতাই অজ্ঞতা প্ৰকাশ কৰিছে । কিন্তু অজ্ঞতা প্ৰকাশ কৰিলেও এই তালিকাখনক লৈ বিৰোধী ঐক্যমঞ্চত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আম আদমি পার্টী, চিপি আই (এম) আদি দলৰ নেতাসকলে সমগ্র বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

বিৰোধী দলসমূহক নস্যাৎ কৰি কংগ্ৰেছে এনেদৰে ১৪টা লোকসভা সমষ্টিৰ বাবে প্রার্থিত্ব প্রত্যাশীৰ নাম প্রকাশ কৰা কাৰ্যই বিৰোধী ঐক্যত আঘাত হানিছে বুলি কেইবাজনো নেতাই মত প্ৰকাশ কৰিছে । এই সন্দৰ্ভত বিৰোধী ঐক্যৰ কেইবাজনো নেতাৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে আগতীয়াকৈ কি কাৰণত পেনেলখন ৰাজহুৱা কৰিছে সেয়া ৰহস্যজনক । দেশ ৰক্ষা কৰিব লাগিলে সকলোৱে একত্ৰিত হৈ যুঁজি বিজেপিক পৰাভূত কৰিব লাগিব । ৰাইজেও সেয়াই বিচাৰিছে । এই কথা বুজি নাপালে সমস্যাৰ সৃষ্টি হ'ব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে সকলোৱে বিৰোধীৰ একতাৰ সূত্ৰটো মানি চলক । ইফালে আম আদমি পার্টীৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে ইণ্ডিয়া গঠন হোৱাৰ পিছত আপে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সম্পৰ্কীয় কোনো কথা ৰাজহুৱা কৰা নাই । কিয়নো কোন সমষ্টি কোন দলক প্ৰদান কৰা হ'ব সেয়া ঠিক কৰিব ইণ্ডিয়াৰ বৈঠকতহে । কংগ্ৰেছে এনেদৰে তালিকা ৰাজহুৱা কৰিলে বিৰোধী দলসমূহৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে এয়া বিৰোধী ঐক্যৰ নীতি হ’ব নোৱাৰে । বিৰোধী ঐক্যত সংঘাত যাতে নাহে তাৰ বাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্রদেশ কংগ্ৰেছক নিজৰ স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে ।

ইফালে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ উপ-সভাপতি দুলু আহমেদে কয় যে কংগ্ৰেছে এনেদৰে প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰাটো উচিত হোৱা নাই । বিৰোধী দলসমূহৰ মাজত কোনো আলোচনা নকৰাকৈ এনেদৰে তালিকা প্রকাশ কৰাত বিৰোধী ঐক্যৰ দলসমূহৰ মাজত সন্দেহৰ সৃষ্টি হৈছে । জাতীয় পৰিষদেও ছয়টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ভাবিছে । কিন্তু বিৰোধী দলসমূহৰ মাজত আলোচনা নোহোৱাৰ বাবেই এই কথা প্রকাশ কৰা নাই বুলি তেওঁ কয় । অসমত কংগ্ৰেছৰ এনে কাম-কাজৰ ফলত বিৰোধী ঐক্য ব্যৰ্থ হ'ব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে ।

ইফালে চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে কংগ্ৰেছে নিজা পেনেল ঠিক কৰিব পাৰে । সেয়া কোনো ডাঙৰ কথা নহয় । পৰৱৰ্তী সময়ত আলোচনাৰ মাজেৰে সমষ্টিসমূহ ঠিক কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । সেইদৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কংগ্ৰেছৰ ওপৰত আস্থা থকাৰ কথা ব্যক্ত কৰি কয় যে সৰ্বভাৰতীয় পৰ্যায়তহে আসন ভাগ-বটোৱাৰা হ’ব । এতিয়া প্রদেশ কংগ্ৰেছে পেনেল প্ৰস্তুত কৰাটো কোনো ডাঙৰ কথা নহয় । দলে নিজাববীয়াকৈ এনে পেনেল প্রস্তুত কৰিব পাৰে । কিন্তু চূড়ান্ত সিদ্ধান্ত ইণ্ডিয়াৰ বৈঠকতহে হ'ব । শেষলৈকে সমগ্র বিষয়টো নিৰীক্ষণ কৰিব বুলি সদৰী কৰি তেওঁ লগতে কয় যে তৃণমূল কংগ্ৰেছে অসমত পাঁচখন আসন বিচাৰিব ।

সেইদৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত ভুঞাই কয় যে কংগ্ৰেছে এনেদৰে আগতীয়াকৈ পেনেল প্ৰস্তুত কৰাটো একো বেয়া কথা নহয় । পাছত আলোচনাৰ মাজেৰে আসন ভাগ-বটোৱাৰা কৰা হ'ব । আগতীয়াকৈ এনেদৰে দলসমূহে পেনেল প্ৰস্তুত কৰাটো ভাল কথা বুলিও তেওঁ কয় ।

লক্ষণীয় বিষয় যে তালিকাখন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অজ্ঞতা প্ৰকাশ কৰিলেও দলৰ মজিয়াত আগন্তুক লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আলোচনা হৈছে । সেই কথা অৱশ্যে ভূপেন বৰাই নুই কৰা নাই । সেয়া যিয়েই নহওক কিয়, কংগ্ৰেছৰ তালিকাখনক লৈ বিৰোধী ঐক্যমঞ্চত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে বিৰোধী ঐক্যমঞ্চৰ প্ৰতিক্ৰিয়া জানিবৰ বাবেও ইচ্ছাকৃতভাৱে এনে এখন তালিকা ৰাজহুৱা কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

এটা কথা ঠিক যে আসন ভাগ-বটোৱাৰাৰ বিষটো আলোচনাৰ মেজলৈ অহাৰ লগে লগে বিৰোধী ঐক্যমঞ্চত বাদানুবাদৰ সৃষ্টি হোৱাটো প্ৰ‍ায় নিশ্চিত । নিজৰ সম্ভাৱ্য প্ৰাৰ্থীৰ লগতে বিৰোধী ঐক্যৰ সকলো দলকে সন্তুষ্ট কৰাটো কংগ্ৰেছৰ বাবে সম্ভৱ নহ'ব ।

লগতে পঢ়ক :MP Pabitra Margherita slams Congress: মে'ৰ পিচত ভূপেন বৰাৰ বিদায় নিশ্চিত :পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.