ETV Bharat / state

Constituency Delimitation in Assam : 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ অযুক্তিকৰ: দেৱব্ৰত শইকীয়া

author img

By

Published : Dec 27, 2022, 9:18 PM IST

20 বছৰৰ পুৰনি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰন কৰি কেৱল চৰকাৰী ধনৰ অপচয় কৰিবলৈ বিচৰা হৈছে বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader debabrat Saikia)৷ 2008 চনত বিভিন্ন দল-সংগঠনৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ৰাম প্ৰসাদ শৰ্মাই বিৰোধিতা কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰি জনগণক ৰাজনৈতিকভাৱ আৰু ধৰ্মীয়ভাৱে উত্তেজিত কৰিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷

Opposition leader debabrat Saikia
সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

নিউজ ডেস্ক, 27 ডিচেম্বৰ: যি পৰিস্থিতিৰ বাবে 2008 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে অসমত স্থগিত ৰাখিছিল, সেই পৰিস্থিতি এতিয়াও অব্যাহত আছে ৰাজ্যত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজনৈতিকভাৱ আৰু ধৰ্মীয়ভাৱে জনগণক উত্তেজিত কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader debabrat Saikia)৷

মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অসম সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ শইকীয়াই কয় যে, 2011 চন আৰু 2021 চনৰ লোকপিয়লৰ তথ্যক আওকাণ কৰি 2001 চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি চৰকাৰী ধনৰ অপচয় কৰিব বিচৰা হৈছে ৷

আনহাতে বিৰোধী দলপতিগৰাকীয়ে কয় যে, 2008 চনত বিভিন্ন দল-সংগঠনে নাগৰিকপঞ্জীৰ নিষ্পত্তি নোহোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Constituency Delimitation in Assam)৷ ভোটাৰ তালিকাত বিদেশীৰ নাম থকা বুলি অভিযোগ উত্থাপিত কৰি শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশৰ পাছতহে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব লাগে বুলি দাবী জনাইছিল দল-সংগঠনসমূহে ৷ উক্ত দাবী মানি লৈ ন্যায়ালয়ে স্থগিত ৰাখিছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷

ইয়াৰোপৰি সেইসময়ৰ বিজেপি দলৰ নেতা ৰামপ্ৰসাদ শৰ্মাইও ভাৰত চৰকাৰৰ বিৰুদ্ধে এক গোচৰ দাখিল কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ আহ্বান জনাইছিল ৷ ইয়াৰোপৰি সেই সময়ত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সেই সময়ৰ অগপ সাংসদ সৰ্বানন্দ সোণোৱালেও বিদেশীমুক্ত নাগৰিকপঞ্জী(National Register of Citizens) প্ৰকাশৰ পাছতহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী জনাইছিল (Sarbananda Sonowal opposed Constituency Delimitation)৷

আনহাতে 2019 চনত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ এখন বিধেয়ক আনিছিল বুলি উল্লেখ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ইয়াৰ পূৰ্বেই 2014 চনত বিজেপিয়ে 6 মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ লোকপিয়ল অনুসৰি জনজাতিৰ সংখ্যা বৃদ্ধি হ’লে জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি হ’ব বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

চৰকাৰে জনজাতিকৰণৰ সমস্যাটো সমাধান নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে জনগোষ্ঠীসমূহক প্ৰৱঞ্চনা কৰা হ’ব বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খেলিমেলিৰ মাজত থকা 19 লাখ লোকৰ প্ৰসংগ উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, এনে সমস্যাসমূহ সমাধান নকৰাকৈ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে আইন মন্ত্ৰণালয়ক পৰামৰ্শ প্ৰদান কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশনা জাৰি কৰা কাৰ্যই বহু নেতিবাচক প্ৰভাৱ পেলাব ৷

তেওঁ লগতে কয় যে, 2008 চনত যিসমূহ কাৰণত বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল সেইসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত পুনৰ মাত মাতিব লাগে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সাধাৰণ ৰাইজৰ উপকাৰ হোৱাৰ ক্ষেত্ৰত সন্দিহান বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 2026 চনত নতুন সমষ্টি গঠন হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি 2026ৰ পূৰ্বে সমষ্টিৰ সংখ্যা একেই ৰখা অযুক্তিকৰ বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ উল্লেখ্য যে, মঙলবাৰে এক অধিসূচনাৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷ জন প্ৰতিনিধিত্ব আইন, 1950ৰ ৮(A) ধাৰা অনুসৰি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা ঘোষণা আয়োগে ৷

লগতে পঢ়ক: Constituency Delimitation in Assam: আৰম্ভ হ’ল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.