ETV Bharat / state

Debabrat saikia condemend Assam govt : মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

author img

By

Published : Feb 15, 2023, 1:52 PM IST

বাল্যবিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম পুলিচক তুলা-ধূনা । মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Debabrat saikia condemend assam govt) ৷

Assam action on child marriage
মুখ্যমন্ত্ৰীক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : বাল্য বিবাহক লৈ উচ্চ ন্যায়ালয়ে অসম চৰকাৰক কৰা ভৎৰ্সনা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা বিৰোধীৰ দলপতি, জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াৰ (Opposition leader Debabrat saikia condemend Assam govt )৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চৰকাৰখনে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তথা ইতিমধ্যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আদিত ডুব গৈ থকা ৰাইজক আৰু এবুকু সমস্যাত পোত খুৱাই তেওঁলোকৰ সাংসাৰিক জীৱনতো জুই লগোৱাৰ স্বাৰ্থত বাল্য বিবাহৰ নামত হাজাৰ হাজাৰ লোকক জেলত ভৰাই হাৰাশাস্তি কৰি আছে বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়া ৰায়দানৰ পিছত বিৰোধীৰ দলপতিগৰাকীয়ে পুনৰ কয় যে, ন্যায়ালয়ে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে, চৰকাৰে বাল্য বিবাহৰ নামত POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰি বহুতো লোকক জেলত ভৰাই থৈছে । বাল্য বিবাহ এক সামাজিক ব্যাধি । ইয়াৰ বিৰোধিতা কংগ্ৰেছ দলেও কৰিছে আৰু চৰকাৰেও ইয়াক বন্ধ কৰিবলৈ লাগতিয়াল ব্যৱস্থা আইনৰ চাৰিসীমাত থাকি কৰাটো দৰকাৰ । কিন্তু যিবোৰ দম্পতিয়ে আজিৰ পৰা ৫-৬-৭ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈ ল'ৰা-ছোৱালীৰ সৈতে সুন্দৰ বৈবাহিক জীৱন‌ যাপন কৰি আছে, তেওঁলোকক নতুনকৈ টানি আনি জেলত ভৰোৱাতো কোনো মানসিকভাৱে সুস্থ লোকৰ বিবেকত বিবেচনাধীন হ'ব নোৱাৰে বুলি স্পষ্টকৈ উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে (Assam action on child marriage) ।

এয়া স্বকীয় প্ৰচাৰ অথবা যিকোনো প্ৰকাৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি ৰখাৰ এক দুষ্ট আৰু অমানৱীয় প্ৰয়াস বুলি কয় জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে । এ‌ই কাৰ্য তীব্ৰ গৰিহণাৰ যোগ্য । উল্লেখ্য যে, বাল্য বিবাহ সম্পৰ্কীয় গোচৰত মঙ্গলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে এক শুনানি (Guwahati High Court slammed Assam police) ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে বাল্য বিবাহ আদৰণীয় বিষয়েই নহয় , ই নিশ্চয়কৈ গর্হিত কাম বুলি আদালতত উল্লেখ কৰে ৷ বিষয়টো সন্দৰ্ভত সঠিক সময়ত ন্যায়ালয়ে মন্তব্য আগবঢ়াব বুলি উল্লেখ কৰে । তদুপৰি বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা সকলক বন্দী কৰি ৰখাৰ প্রয়োজন আছে নে নাই সেয়া বিবেচনা কৰাটো প্ৰয়োজনীয় বুলি ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে উল্লেখ কৰে । "আমি তেওঁলোকক (অভিযুক্ত) জবানবন্দী দিয়াৰ বাবে হাজিৰ হ'বলৈ (আৰক্ষীৰ ওচৰত) নিৰ্দেশ দিম । এইবোৰ গোচৰত জিম্মাত ৰাখি জেৰা কৰাৰ প্ৰয়োজন ক’ত ?’ বুলি ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে অসম আৰক্ষীলৈ প্ৰশ্ন উত্থাপন কৰে (HC reacts on Assam police action on child marriage)৷

আদালতত চৰকাৰী অধিবক্তাই বাল্য বিবাহত অভিযুক্তসকলৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে প’কছ’ৰ ধাৰা আৰোপ কৰাৰ যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰে । চৰকাৰী অধিবক্তাৰ এই বক্তব্যত হস্তক্ষেপ কৰি ন্যায়াধীশ শ্যামে মন্তব্য কৰে— ‘প’কছ’, প'ছ' কি, আপোনালোকে যিকোনো আৰোপ কৰিব পাৰে । প’কছ’ আৰোপ কৰিলে বুলিয়েই ন্যায়াধীশে ইয়াত কি আছে নাচাব বুলি ধৰি লৈছে কিয় ? আমি কোনো লোকক নির্দোষী ঘোষণা কৰা নাই।' 14 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় দান কৰাৰ পিচতেই ৰাজ্যৰ সতেতন মহলত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.