ETV Bharat / state

ৰবিজিতা-জিৰছং থিয়েটাৰ আৰু এজাক শিশু... - জিৰছং থিয়েটাৰৰ অনলাইন নাট্য কৰ্মশালা

বিশিষ্ট নাট্যকৰ্মী ৰবিজিতা গগৈ (Rabijita Gogoi)ৰ নেতৃত্বত আৰু এদল অক্লান্ত নাট্যকৰ্মীৰ প্ৰচেষ্টাত জন্ম হোৱা ‘জিৰছং থিয়েটাৰ’ (Jirsong Theatre)ৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ নাটক ভাল পোৱা এদল কণমানি আৰু চেমনীয়াক লৈ আৰম্ভ কৰা হৈছে অনলাইন নাট্য কৰ্মশালা (Online Drama Workshop) । কৰ্মশালাত অভিনয়ৰ লগতে শিশুসকলৰ ব্যক্তিত্ব বিকাশৰ পৰা আৰম্ভ কৰি কণ্ঠস্বৰৰ অনুশীলন, কাহিনী পৰিবেশনৰ কৌশল, সংলাপ প্ৰক্ষেপন, অংগ সঞ্চালনলৈকে সকলো দিশত গুৰুত্ব দিয়া হৈছে ৷

online-drama-workshop-by-jirsong-theatre
জিৰছং থিয়েটাৰৰ অনন্য প্ৰয়াস
author img

By

Published : Jun 18, 2021, 5:42 PM IST

গুৱাহাটী, 17 জুন : ব্যতিক্ৰমী নাট্যশৈলীৰে নাটকৰ সম্পৰীক্ষা অব্যাহত ৰখা অসমৰ এমুঠিমান বিশিষ্ট নাট্যকৰ্মীৰ ভিতৰত অন্যতম এগৰাকী হৈছে ৰবিজিতা গগৈ (Rabijita Gogoi) । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD)ৰ স্নাতক ৰবিজিতা গগৈয়ে ইতিমধ্যে ভিন্ন শৈলীৰে নাটকৰ ধাৰা আগবঢ়াই নিয়াই নহয়, নতুন প্ৰজন্মক নাট্যশিল্পৰ প্ৰতি আকৰ্ষিত কৰিবলৈও সক্ষম হৈছে । ৰবিজিতা গগৈৰ নেতৃত্বত আৰু এদল অক্লান্ত নাট্যকৰ্মীৰ প্ৰচেষ্টাত জন্ম হোৱা ‘জিৰছং থিয়েটাৰ’ (Jirsong Theatre) অসমৰ অপেচাদাৰী নাট্যগোষ্ঠীসমূহৰ মাজত এক পৰিচিত নাম ।

জিৰছং থিয়েটাৰৰ অনন্য প্ৰয়াস

শেহতীয়াকৈ জিৰছং থিয়েটাৰে নাটক ভাল পোৱা এদল কণমানি আৰু চেমনীয়াক লৈ আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰয়াস । ইয়াৰ নেতৃত্বত আছে ৰবিজিতা গগৈ আৰু বিশিষ্ট নাট্যকৰ্মী কৈলাশ দাস ( Kailash Das) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এইসকল শিশুক লৈ জিৰছং থিয়েটাৰে অব্যাহত ৰাখিছে অনলাইন নাট্য কৰ্মশালা (Online Drama Workshop) । এই কৰ্মশালাত যে কেৱল অভিনয়ৰে শিক্ষা দিয়া হৈছে তেনে নহয় । শিশুসকলৰ ব্যক্তিত্ব বিকাশৰ পৰা আৰম্ভ কৰি কণ্ঠস্বৰৰ অনুশীলন, কাহিনী পৰিবেশনৰ কৌশল, সংলাপ প্ৰক্ষেপন, অংগ সঞ্চালনলৈকে সকলো সামৰি পাঠদান কৰা হৈছে অনলাইনযোগে ।

ক’ভিড (Covid)ৰ এই জটিল ক্ষণত ‘জিৰছং থিয়েটাৰ’ৰ এই প্ৰচেষ্টা শলাগিবলগীয়া । এই সমস্ত প্ৰক্ৰিয়াটোক লৈ যথেষ্ট আশাবাদী ৰবিজিতা গগৈ । ইটিভি ভাৰতযোগে ৰবিজিতা গগৈয়ে কয় যে, এই প্ৰচেষ্টাত জিৰছং থিয়েটাৰৰ নাট্যকৰ্মীসকলে শিশু আৰু অভিভাৱকসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । ইতিমধ্যে জুন মাহৰ এটা কাৰ্যসূচী সম্পূৰ্ণ হৈছে । জুলাই মাহত পুনৰ দুটা কাৰ্যসূচী আৰম্ভ কৰা হ’ব । অভিনয় কৰ্মশালা মানে কেৱল অভিনয় শিকাই নহয় । ইয়াৰ সৈতে ব্যক্তিত্ব বিকাশৰ পৰা আৰম্ভ কৰি আন বহু দিশ জড়িত থকা বুলি ৰবিজিতা গগৈয়ে সদৰি কৰে ৷

লগতে পঢ়ক : "ৰামায়ণ"ত সুমন্ত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰা চন্দ্ৰশেখৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.