ETV Bharat / state

"এক দেশ এক ৰেচন কাৰ্ড" ৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম

author img

By

Published : Aug 21, 2021, 6:02 PM IST

অসম "এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ ফলত এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়ে বায়'মেট্ৰিক পদ্ধতিৰে আৰু আধাৰ কাৰ্ডৰ নম্বৰ সংযোগেৰে ৰাজ্যত থকা প্ৰায় ত্ৰিশ সহস্ৰাধিক সুলভ মূল্যৰ দোকানৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ।

"এক দেশ এক ৰেচন কাৰ্ড" ৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম
"এক দেশ এক ৰেচন কাৰ্ড" ৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম

গুৱাহাটী, ২১ আগষ্ট: সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা "এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" ৰ মানচিত্ৰত শনিবাৰৰ পৰা অন্তৰ্ভুক্ত হ'ল অসম । জনতা ভৱনত শনিবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়কঃ তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

এই নতুন ব্যৱস্থাৰ জৰিয়তে অসমত ৰেচন কাৰ্ড থকা যিকোনো লোকে বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিকে কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকিলেও ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত নিজৰ খাদ্য সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব । আনকি বায়'মেট্ৰিক পদ্ধতিৰে এই নতুন ব্যৱস্থা কৰাৰ ফলত কোনো লোকে নিজৰ প্ৰাপ্য খাদ্য সামগ্ৰী কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থাকিলে তাৰ পৰা সংগ্ৰহ কৰাৰ লগতে অসমতো একেসময়তে তেওঁৰ পৰিয়ালৰ সদস্যই বাকীখিনি খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ।

উল্লেখযোগ্য যে, ৰাজ্যত সৰ্বমুঠ সুলভ মূল্যৰ দোকানৰ সংখ্যা হৈছে ৩৩,৯৮৭ খন । একেদৰে ৰাজ্যখনৰ ৫৮,৯০,৯২৭ টা পৰিয়ালৰ হাতত আছে ৰেচন কাৰ্ড । আনহাতে অসমত আজিৰ তাৰিখত সুলভ মূল্যৰ খাদ্য সামগ্ৰী সংগ্ৰহ কৰা মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল ২,৫০,৯১,৮৭৯ গৰাকী ।

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.