ETV Bharat / state

গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

author img

By

Published : Apr 13, 2021, 2:14 PM IST

বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত ক'ৰণাই পুনৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ ক'ৰণাৰ দ্বিতীয়টো ঢৌত ৰাজ্যৰ শ শ লোক সংক্ৰমিত হৈছে। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ভয়াৱহ হাৰত বৃদ্ধি পাব ধৰিছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ।

গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

গুৱাহাটী,১৩ এপ্ৰিলঃ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত ক'ৰণাই পুনৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ ক'ৰণাৰ দ্বিতীয়টো ঢৌত ৰাজ্যৰ শ শ লোক সংক্ৰমিত হৈছে। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ভয়াৱহ হাৰত বৃদ্ধি পাব ধৰিছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ।

মহানগৰীত কিছুদিন পূৰ্বে ক'ৰণাত এগৰাকী শিক্ষয়ত্রীৰ মৃত্যু হোৱাৰ পাচতে আজি পুনৰ এজন লোকৰ মৃত্যু হয়। মহানগৰীত ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ নাম সঞ্জয় ভট্টাচাৰ্য। গুৱাহাটীৰ মালিগাঁৱৰ পাণ্ডু কামাখ্যা কলনীত বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বে স্বাৱ টেষ্ট কৰাত শৰীৰত ক'ৰণাৰ উপস্থিতি ধৰা পৰিছিল ।

ইয়াৰ পাচতে লোকজন হোম আইছলেশ্যনত আছিল যদিও আজি পুৱা তেওঁৰ শৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসকে তেওঁৰ মৃত ঘোষণা কৰে ।

উল্লেখ যে, ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৫৮৩ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত ১৯৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ। অনহাতে কামৰূপ গ্ৰাম্য জিলাত ৪৮ গৰাকী, ডিব্ৰুগড় জিলাত ৪৩ গৰাকী আৰু নগাওঁ জিলাত ২৯ গৰাকী লোক আক্ৰান্ত হৈছে । সম্প্ৰতি ৰাজ্যখনত ক'ৰণা পজিটিভৰ হাৰ ০.৫৭ শতাংশ । ৰাজ্যত বৰ্তমান সক্ৰিয় ক'ৰণা ৰোগীৰ সংখ্যা হৈছে ২,৩৮৭ গৰাকী ।

লগতে পঢ়ক : নিৰ্বাচনত ফেক্টৰ হ’ব অসম জাতীয় পৰিষদ: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.