গুৱাহাটী, ১২ মেঃ গুৱাহাটীৰ মালিগাঁৱত উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰীক বলাৎকাৰ কৰি ৰঙা ঘৰৰ আলহি হ'ল এজন যুৱক । অভিযুক্ত যুৱকজনৰ নাম কিশোৰ কুমাৰ চৌৰিয়া ।
উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক বলাৎকাৰৰ অভিযোগত এজন যুৱকক আটক কৰিলে জালুকবাৰী আৰক্ষীয়ে । মহানগৰীৰ পাণ্ডু কেবিনৰ কিশোৰ কুমাৰ চৌৰিয়া নামৰ এইজন লোকে তেওঁৰে চুবুৰীয়া এগৰাকী যুৱতীৰ ওপৰত চলাইছিল নিৰ্যাতন । লাজ ভয় শংকাৰ বাবে মনে মনে আছিল যুৱতীগৰাকী । কিন্তু পুণৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায় লম্পট কিশোৰ কুমাৰ চৌৰিয়াই । এই ঘটনাৰ বাবে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে । যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ৬৪৬/১৯ নম্বৰত এটা গোচৰ ৰুজু হয় । উক্ত গোচৰৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কিশোৰ কুমাৰ চৌৰিয়াক । আনহাতে,এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ধৃত কিশোৰৰ পৰিয়ালে । সম্পূৰ্ণ পৰিকল্পিতভাৱে যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ তোলা বুলি দাবী কৰে পৰিয়ালৰ লোকে । ইতিমধ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
আন এটি বাতৰি - বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি গাঞ্জা