ETV Bharat / state

Toll gates in Assam: ফুৰিব নে ৰাজহৰ ধন দিব চৰকাৰক ?

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:28 PM IST

টোলকৰৰ নামত পুনৰ অসমৰ ৰাইজক টেটুচেপা, অসমত মুঠ টোলগেটৰ সংখ্যা ২৭ লৈ বৃদ্ধি পাব ৷

Toll gates in Assam
অসমত মুঠ টোলগেটৰ সংখ্যা

গুৱাহাটী, ২৫ অক্টোবৰ : অসমৰ বেছিভাগ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে । বহুত ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ পথ মৰণফান্দ সদৃশ হৈ পৰিছে । এইক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো গুৰুত্ব নাই । তাৰ বিপৰীতে কিন্তু টোলগেটৰ জৰিয়তে ৰাইজৰ পৰা টোল কৰ সঠিকভাৱে আদায় কৰি আছে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ বাবে নিয়মানুসাৰি থাকিবলগীয়া সা-সুবিধা নথকাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যৰ ৯ খন টোলগেটৰ জৰিয়তে ৰাজ্যবাসীক কেঁকোৰাচেপা দিয়েই আছে ।

মন কৰিবলগীয়া যে, অসমৰ বৰপেটাৰোডৰ পৰা গুৱাহাটীলৈ অহা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দুখন টোলগেট আছে । কিন্তু পথৰ অৱস্থা জৰাজীৰ্ণ । আকৌ ডিমা হাছাও হৈ শিলচৰলৈ নিৰ্মাণ কৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ নৌহওতেই বহুত ঠাইত পথ মৰণফান্দ সদৃশ হৈ পৰিছে । ইপিনে মঙলদৈ হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থাও জৰাজীৰ্ণ । মন কৰিবলগীয়া যে, টোলকৰৰ বাবেই নিত্য ব্যৱহার্য বিভিন্ন সামগ্ৰীৰ দাম আকাশলংঘী হৈছে ।

জানিব পৰা মতে, লখিমপুৰ, গোলাঘাট, শোণিতপুৰ জিলাকে ধৰি অন্য স্থানত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পর্যায়ক্ৰমে আৰু ১৮ খন নতুন টোলগেট স্থাপনৰ পৰিকল্পনা লৈছে । সেই ১৮ খন টোলগেট সম্পূৰ্ণ হৈ উঠিলে বৰ্তমানৰ ৯ খনকে ধৰি অসমত মুঠ টোলগেটৰ সংখ্যা ২৭ লৈ বৃদ্ধি পাব । তেতিয়া সাধাৰণ ৰাইজ আহ-যাহ কৰাটোৱেই মস্কিল হৈ পৰিব । নাজিৰাখাটৰপৰা কোকৰাঝাৰলৈ দূৰত্ব প্ৰায় ২৫০ কিঃ মিঃ । এই পথছোৱা পাৰ হ’বলৈ হ’লে পাঁচখন টোলগেট পাৰ হ’বলগীয়া হয় । সেইকেইখন হ’ল নাজিৰাখাট, মদনপুৰ, গলিয়া, দাহালপাৰা আৰু পাটগাঁও টোলগেট । এইকেইখন টোলগেট পাৰ হ’লে ব্যক্তিগত চাৰিকীয়া বাহন লৈ যোৱা এজন ব্যক্তিয়ে এবাৰত টোলকৰৰ বাবদ ৫০০ টকা ভৰিব লাগে । সেইদিনাই উভতি আহিলে অহা-যোৱা বাবদ তেওঁ আদায় দিব লাগিব ৭৪৫ টকা ।

আনহাতে, এই পথছোৱা এখন বাছ বা ট্ৰাকে পাৰ হ’লে এবাৰত পাঁচখন টোলগেটত ১৬৯০ টকা আৰু সেইদিনাই উভতি আহিলে অহা-যোৱাৰ বাবদ ২৫৩৫ টকা আদায় দিব লাগে । উদ্বেগজনক কথাটো হ’ল অহা বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ টোলগেটৰ কৰৰ পৰিমাণ পুনৰ বৃদ্ধি কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । জানিব পৰা মতে, অসমৰ দৰে এখন সৰু ৰাজ্যয়ো ২০২২-২৩ বৰ্ষত টোলগেটৰ জৰিয়তে ৪৬৫.৯০ কোটি টকা আদায় দিছে । ২০২০ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহলৈ অসমৰ টোলগেটত সংগ্ৰহ হৈছিল ২৮৯.৫৫ কোটি টকা । এনেদৰে কেন্দ্ৰীয় চৰকাৰে ৰাইজক টোলগেটৰ নামত টেটুচেপা দি আছে ।

লগতে পঢ়ক : KMSS against setting up of 18 new toll gates: শদিয়াৰ পৰা ধুবুৰীলৈ টোলগেটতে দিব লাগিব ৮,৫০০ টকা টোল কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.