গুৱাহাটী,৬ আগষ্ট : ৰাজ্যখনত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ থানাসমূহত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা (Number of cases in police stations increased in Assam)। ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ফৌজদাৰী আৰু দেৱানী গোচৰ । অপৰাধজনিত ঘটনাসমূহৰ বিৰুদ্ধে আৰক্ষীৰ নিৰন্তৰ অভিযান অব্যাহত থকাৰ সময়তে গোচৰৰ সংখ্যাও মাত্রাধিক হাৰত বৃদ্ধি পাইছে । যাৰ ফলত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰৰ বোজা বহন কৰিব নোৱৰা অৱস্থা হৈছে (Burden of case on Gauhati High Court)।
উচ্চ ন্যায়ালয়ত প্ৰতিটো মাহতেই নিষ্পত্তি হোৱা গোচৰৰ পৰিৱৰ্তে নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি হৈছে । চলিত বৰ্ষৰ এক জুলাই পর্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তিৰ বাবে পঞ্জীয়ন হৈ থকা গোচৰৰ সংখ্যা ৪৫,৯৪৭ টালৈ বৃদ্ধি পাইছে । এই বৃহৎ সংখ্যক গোচৰ নিষ্পত্তি কৰিবলৈ ন্যায়ালয়ৰ কেইবা বছৰৰ প্রয়োজন হ'ব । কিয়নো প্ৰতিটো মাহত ১০০০ৰ পৰা ১২০০ গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে নতুনকৈ ১৩০০ৰ পৰা ১৪০০ গোচৰ পঞ্জীয়ন হৈ আহিছে ।

এনেস্থলত প্ৰতিটো মাহতে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাই এক জুলাই পর্যন্ত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা ৪৫,৯৪৭ টালৈ বৃদ্ধি পাইছে (Case load on Gauhati High Court)। তথ্য অনুসৰি বিগত জুন মাহত ১৪৪৭ টা আৰু মে' মাহত ১২১৩ টা গোচৰ উচ্চ ন্যায়ালয়ে নিষ্পত্তি কৰে । বিপৰীতে এই মাহ দুটাত ক্রমে ১৬৩৯ আৰু ১৩৮২ টা নতুন গোচৰ পঞ্জীয়ন হয় । অর্থাৎ নিষ্পত্তি হোৱা গোচৰৰ সংখ্যাৰ পৰিৱৰ্তে নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে ।
ক'ভিডকালীন সময়ৰ পাছত প্ৰতিটো মাহত এনেদৰে নিষ্পত্তি হোৱা গোচৰতকৈ নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে । ইফালে নিষ্পত্তি নোহোৱাকৈ থকা পূর্বৰ গোচৰসমূহৰ বোজা আছেই । জুলাই মাহত উচ্চ ন্যায়ালয়ে সেই মাহটোত নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ উপৰিও ৪৫,৭৫৫ টা পুৰণি গোচৰৰ বোজা ল'ব লগা হৈছিল ।
সেইদৰে জুনত নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ উপৰিও পূৰ্বৰ পৰা নিষ্পত্তি নোহোৱাকৈ ৰৈ যোৱা ৪৫,৫৮৬ টা পূৰ্বৰ গোচৰৰ বোজা বহন কৰিছিল । লক্ষণীয় বিষয় যে প্ৰতিটো মাহত নিষ্পত্তি হোৱা গোচৰৰ তুলনাত নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বেছি । তেনেস্থলত পূৰ্বৰ গোচৰৰ বোজা পাতল কৰাটো একপ্ৰকাৰ সমস্যা হৈ পৰিছে । ইফালে প্ৰতিটো মাহত নিষ্পত্তিৰ তুলনাত নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে ।
এনেস্থলত ৪৫ হাজাৰ গোচৰৰ সংখ্যা ৫০ হাজাৰ হ'বলৈ বেছিদিন নালাগিব । তেনেস্থলত ভুক্তভোগীয়ে ন্যায় কেতিয়ালৈ পাব সেয়া এক ডাঙৰ প্রশ্ন হৈ পৰিছে । জানিব পৰা মতে ১২-১৩ বছৰ পুৰণি গোচৰো আজি পর্যন্ত নিষ্পত্তি নোহোৱাকৈ পৰি আছে । নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা প্ৰতিটো দিনতেই বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুৰণি গোচৰসমূহ নিষ্পত্তি হোৱাৰ সময় দীঘলীয়া হৈছে ।
কেৱল গুৱাহাটী উচ্চ ন্যায়ালয়তেই নহয় আন আদালতসমূহতো একেই পৰিস্থিতি । অসমৰ বিশেষ আদালত, মুখ্য ন্যায়াধীশৰ আদালত, সত্ৰ ন্যায়াধীশৰ আদালতকে ধৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোৰ ওপৰতেই গোচৰৰ অভাৱনীয় বোজা বৃদ্ধি পাইছে । বৰ্তমান সময়ত ই এক ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈছে ।
লগতে পঢ়ক :Assam devotees looted in Dumka : ঝাৰখণ্ডত অসমৰ তীৰ্থ যাত্ৰীক লুটপাত, এজনক গ্ৰেপ্তাৰ