নিউজ ডেস্ক, 27 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত প্ৰকাশৰ পূৰ্বেই "Rights and Risks Analysis Group" নামৰ সংস্থাই পোহৰলৈ আনিছে এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য ৷ বিগত দিনসমূহত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে অসমৰ ৰাইজে ব্যয় কৰিছে প্ৰায় 8 হাজাৰ কোটি টকা ৷
'The Economic Cost of Draft NRC: Poor Made Extremely Poor' নামে প্ৰকাশ কৰা প্ৰতিবেদনখনত নতুন দিল্লীস্থিত সংস্থাটোৱে উল্লেখ কৰিছে এই তথ্য ৷ সংস্থাটোৰ নিৰ্দেশক সুহাছ চাকমাই সংবাদ প্ৰতিষ্ঠান IANSৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ অসমৰ প্ৰায় 41,10,169 গৰাকী লোকে যাৰ নাম খচৰাত সংযোজন হোৱা নাছিল সেইসকল লোকে বিদেশী ন্যায়াধীকৰণৰ শুনানিৰ নামত খৰচ কৰিছে 7,836 কোটি টকা ৷ সেইফালৰ পৰা প্ৰতিগৰাকী লোকে শুনানিৰ নামৰ গড়ে ব্যয় কৰিছে 19,065 টকাকৈ ৷
চলিত বৰ্ষৰ জুলাই মাহৰ 17 তাৰিখৰ পৰা 20 তাৰিখলৈ অসমৰ বাক্সা,গোৱালপাৰা আৰু কামৰূপ (গ্ৰাম্য) জিলাত সংস্থাটোৰ হৈ 62 গৰাকী প্ৰতিনিধিয়ে চলাইছিল এই সমীক্ষা ৷