ETV Bharat / state

Himalayan Geology Research: ভৱিষ্যতে অসমত পুনৰ ১৯৫০ৰ বৰভূঁইকপৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলত ভৱিষ্যতে ১৯৫০ চনৰ অসমৰ বৰভূঁইকপৰ পুনৰাবৃত্তিৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ (North-east likely to repeat 1950 Assam Earthquake) কৰিছে উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীৰ এটা বিজ্ঞানীৰ দলে (scientists from wadia institute of Himalayan zoology in Dehradun) । উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীৰ বিজ্ঞানীৰ দলটোৰ শেহতীয়া এক গৱেষণা মতে, উত্তৰ-পূৰ্বাঞ্চল ভূঁইকঁপৰ প্ৰতি অধিক সংবেদনশীল হৈ আছে । উল্লেখ্য, এই অধ্যয়নটোৰ নেতৃত্ব দিছিল অসমৰ এগৰাকী সুসন্তানে ৷

author img

By

Published : Jul 11, 2022, 5:31 PM IST

Updated : Jul 11, 2022, 10:34 PM IST

Himalayan Geology Research
ভৱিষ্যতে অসমত পুনৰ ১৯৫০ৰ বৰভূঁইকপৰ সম্ভাৱনা

গুৱাহাটী, ১১ জুলাই : উত্তৰ-পূৰ্বাঞ্চলত ভৱিষ্যতে ১৯৫০ চনৰ অসমৰ বৰভূঁইকপৰ পুনৰাবৃত্তিৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ (North-east likely to repeat 1950 Assam Earthquake) কৰিছে উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীৰ এটা বিজ্ঞানীৰ দলে (scientists from wadia institute of Himalayan zoology in Dehradun) । উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীৰ বিজ্ঞানীৰ দলটোৰ শেহতীয়া এক গৱেষণা মতে, উত্তৰ-পূৰ্বাঞ্চল ভূঁইকঁপৰ প্ৰতি অধিক সংবেদনশীল হৈ আছে । উল্লেখ্য, এই অধ্যয়নটোৰ নেতৃত্ব দিছিল অসমৰ এগৰাকী সুসন্তানে ৷

উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীৰ বিজ্ঞানী ডঃ দেৱজিৎ হাজৰিকাৰ নেতৃত্বত গৱেষকৰ দলটোৱে (Scientist from Wadia Institute of Himalayan Technology Dr Devjit Hazarika) উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দিশৰ পৰা টেক্টনিক মুভমেন্ট (Tectonic Movement) অধ্যয়ন কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ টেক্টনিক মুভমেন্ট (Tectonic Movement) অধ্যয়ন কৰি বিজ্ঞানীৰ দলটোৱে প্রত্যক্ষ কৰিছে যে ভৱিষ্যতে ভূমিকম্প সৃষ্টিৰ বাবে ইণ্ডিয়ান প্লেটত চাপ বৃদ্ধি পাব ধৰিছে । ভূপৃষ্ঠৰ তলত সৃষ্টি হোৱা চাপৰ বিষয়ে চলোৱা এই গৱেষণাত গৱেষক আৰু ভূমিকম্পবিদৰ দলটোৱে পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা ৰেঞ্জত (Indo Barma Range) ইণ্ডিয়ান প্লেটৰ উত্তৰ-পূব প্ৰান্তৰ জটিল টেক্টনিকে সৃষ্টি কৰা চাপৰ ফলত ভৱিষ্যতে বৰভূঁইকঁপ হোৱাৰ উমান পাইছে ।

বিজ্ঞানীৰ দলটোৱে ১৯৫০ চনত অসমত হোৱা বৰভূঁইকপৰ পদাংক অনুসৰণ কৰি এই প্লেটৰ পাৰস্পৰিক ক্রিয়া অধ্যয়ন কৰিছে । দুয়োটাৰে পাৰস্পৰিক ক্রিয়াই ইণ্ডো-বার্মা ৰেঞ্জ আৰু পূব হিমালয়ৰ ভূতাত্ত্বিক স্থানত বৰভূঁইকপ সৃষ্টি কৰিব পাৰে বুলি শংকা কৰা হৈছে । গৱেষকৰ দলটোৱে প্রত্যক্ষ কৰিছে যে পূব হিমালয়ৰ ইণ্ডিয়ান প্লেটৰ উত্তৰ-পূব প্ৰান্তত প্ৰায় ৪০ কিলোমিটাৰ গভীৰতালৈ সক্রিয়ভাৱে ভূকম্পনপ্ৰৱণ হৈ আছে । আনহাতে, ইণ্ডো-বার্মা ৰেঞ্জত প্রায় ২০০ কিলোমিটাৰ গভীৰতালৈ ভূকম্পনীয়তা দেখা গৈছে ।

দলটোৱে লোহিত উপত্যকাৰ ১১টা ব্ৰডবেণ্ড ভূকম্পন বিজ্ঞান আস্থান আৰু অৰুণাচলৰ হিমালয়ৰ চিয়াং সংযোগ পথৰ ৮টা আস্থানৰ তথ্য ব্যৱহাৰ কৰিছিল । দলটোৱে লোহিত উপত্যকা অঞ্চলৰ ভূকম্পন গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ইষ্টার্ন হিমালয়ান ছিণ্টেক্সিছ (Eastern Himalayan Syntaxis) আৰু সংলগ্ন ইণ্ডো-বার্মা (Indo Burma Ranges) ৰেঞ্জৰ সামগ্রিক ভূকম্পনীয়তাৰ আৰ্হি অধ্যয়ন কৰি অঞ্চলটো প্রবল ভূঁইকঁপৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰা বুলি মতামত ব্যক্ত কৰিছে । এই অধ্যয়ন সন্দৰ্ভত টেক্টনফিজিক্স (Tectonophsics jurnal) গৱেষণা পত্রিকাৰ উদ্ধৃতিৰে এখন ৰাষ্ট্ৰীয় আলোচনীয়ে প্ৰকাশ কৰিছে ।

গৱেষকৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ভূকম্পনপ্ৰৱণ গাঁথনিয়ে জটিল টেক্টনিক্স গঠন কৰাৰ ফলতেই ১৯৫০ চনত অসমত বৰভূঁইকঁপ সৃষ্টি হৈছিল । সেই বৰভূইকঁপৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৮.৬ । ভূঁইকঁপটোৰ অভিকেন্দ্ৰ আছিল ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ হিমালয়ৰ মিশ্বিমি পাহাৰৰ সমীপত । ভাৰতত এতিয়ালৈকে এইটোৱেই আটাইতকৈ উচ্চ প্রাবল্যৰ ভূঁইকপ হিচাপে লিপিবদ্ধ হৈ আছে । ১৯৫০ চনৰ বৰভূঁইকপটোৰ পাছত উজনি অসম আৰু মিশ্বিমি ব্লকত অতি উচ্চ প্রাবল্যৰ এটাও ভূঁইকপ সৃষ্টি হোৱা নাই আৰু ইয়াক ভূকম্পন ব্যৱধান অঞ্চল (Seismic gap region) বুলি গণ্য কৰা হয় ।

মন কৰিবলীয়া যে ১৯৫০ চনৰ বৰভূঁইকপত অসমৰ যথেষ্ট ক্ষতি হৈছিল (Assam suffered a lot in 1950s earthquake) । কিন্তু এতিয়া সময় সলনি হৈছে । গগনচুম্বী অট্টালিকা নিৰ্মাণ হৈছে, অসংখ্য উৰণ সেতু নিৰ্মাণ হৈছে । এইবোৰ ভূকম্পনীয়তাৰ সুৰক্ষাৰ নিয়ম অনুসৰণ কৰি নিৰ্মাণ কৰা হৈছে নে নাই তাত সন্দেহৰ অৱকাশ আছে ।

লগতে পঢ়ক :পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ

Last Updated : Jul 11, 2022, 10:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.