ETV Bharat / state

All Assam Journalists Association: সমস্যা সমাধানৰ দাবীত ESI ৰ কাৰ্যালয়ত সদৌ অসম সংবাদকর্মী সন্থাৰ প্ৰতিনিধি - Memorandum to Regional Director of ESI

সংবাদ প্রতিষ্ঠানত কৰ্মৰত অসাংবাদিক সংবাদকর্মীসকলে লাভ কৰি অহা চিকিৎসা সেৱা সম্বন্ধীয় বিভিন্ন সমস্যা লৈ মহানগৰীৰ বামুণীমৈদামস্থিত ESIC ৰ কাৰ্যালয়ত উপস্থিত হয় সদৌ অসম সংবাদকর্মী সন্থাৰ এটা প্ৰতিনিধি দল। প্ৰতিনিধি দলটোৱে ESIৰ আঞ্চলিক সঞ্চালকক সাক্ষাৎ কৰি তেওঁলোকৰ কেতবোৰ সমস্যা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ।

Non journalists handed over memorandum to Regional Director of ESI
সমস্যা সমাধানৰ দাবীত ESI ৰ কাৰ্যালয়ত সদৌ অসম সংবাদকর্মী সন্থাৰ প্ৰতিনিধি
author img

By

Published : Nov 18, 2022, 9:54 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন সংবাদ প্রতিষ্ঠানত কৰ্মৰত অসাংবাদিক সংবাদকর্মীসকলে লাভ কৰি অহা চিকিৎসা সেৱা সম্বন্ধীয় বিভিন্ন সমস্যা লৈ মহানগৰীৰ বামুণীমৈদামস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ESICৰ (Employees State Insurance Corporation) কাৰ্যালয়ত উপস্থিত হয় সদৌ অসম সংবাদকর্মী সন্থাৰ এটা প্ৰতিনিধি দল (All Assam Journalists Association) । প্ৰতিনিধি দলটোৱে ESIৰ আঞ্চলিক সঞ্চালকক সাক্ষাৎ কৰি তেওঁলোকৰ কেতবোৰ সমস্যা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ।

সন্থাই স্মাৰক-পত্ৰখনত উল্লেখ কৰা দাবী অনুসৰি, ই এছ আই চিত অন্তৰ্ভুক্ত হোৱাৰ বাবে দৰমহাৰ উদ্ধসীমা ৫০,০০০ হাজাৰ লৈকে বৃদ্ধি কৰা, চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সংখ্যা অনতিপলমে বৃদ্ধি কৰা, সংকটাপন্ন ৰোগীক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা অধিক উন্নত কৰা আৰু ৰোগীক উন্নত চিকিৎসাৰ বাবে 'ৰেফাৰ'কৰাৰ ক্ষেত্ৰত চিকিৎসকে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা ৷

সমস্যা সমাধানৰ দাবীত ESI ৰ কাৰ্যালয়ত সদৌ অসম সংবাদকর্মী সন্থাৰ প্ৰতিনিধি

লগতে পঢ়ক: National Press Day 2022: 90 বছৰ বয়সতো সংবাদ সেৱা আগবঢ়োৱা ৰাজেন বৰকাকতিৰ কথাৰে...

লগতে চিকিৎসালয়ত ৰোগীৰ বাবে আৰু অধিক বিচনাৰ ব্যৱস্থা কৰা, আলট্ৰাচাউণ্ড মেচিনৰ লগতে চিকিৎসা ব্যৱস্থাত প্রয়োজনীয় অত্যাধুনিক চিকিৎসা সৰঞ্জামৰ সংখ্যা বৃদ্ধি কৰা, চাকৰিত যোগদানৰ দিনাৰ পৰাই কৰ্মচাৰীজনক ই এছ আই সুবিধা দিয়াৰ ব্যৱস্থা কৰা, কৰ্মচাৰীসকলক ই এছ আই চিৰ সুবিধা দিয়াটো বাধ্যতামূলক কৰা, ৰাজ্যৰ প্রান্তে প্রান্তে ESICৰ হাস্পতাল স্থাপন কৰা, ৰোগীৰ হাতৰ পৰা খৰচ হোৱা ধন শীঘ্ৰেই মুকলি কৰি দিয়া আদিকে ধৰি আন কেতবোৰ সমস্যা সমধানৰ দাবী তুলি স্মাৰক পত্ৰ খন প্ৰদান কৰে (Memorandum to Regional Director of ESI)।

ইফালে আঞ্চলিক সঞ্চালক জনে স্মাৰক পত্ৰখন গ্ৰহণ কৰি সংগঠনটোৰ প্ৰাতিনিধিক শীঘ্ৰেই সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক: National Press Day: সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে চৰকাৰে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.