ETV Bharat / state

Schools provincialisation in Assam: এতিয়াৰে পৰা প্রাদেশিকীকৰণ নহয় কোনো বিদ্যালয় - Schools provincialisation in Assam

এতিয়াৰে পৰা আৰু কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়(No schools are provincialised in Assam)। এই সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । শিক্ষা বিভাগে জাৰি কৰা অধিসূচনা ৩১ জুলাইৰ ভিতৰত ৰূপায়ণৰ সিদ্ধান্ত । সময় নির্ধাৰিতভাৱে ৭৮৫ খনতকৈও অধিক হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হ'ব(Upgradation of high schools to higher secondary) । উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব খোজা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ ।

এতিয়াৰে পৰা প্রাদেশিকীকৰণ নহয় কোনো বিদ্যালয়
school provincialization will closed from now
author img

By

Published : Jul 22, 2022, 4:33 PM IST

গুৱাহাটী, ২২ জুলাই: এতিয়াৰে পৰা আৰু কোনো বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ কৰা নহয়(No schools are provincialised in Assam) । এই সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । উল্লেখ্য যে প্ৰাদেশিকীকৰণ আইনৰ আওতাৰ পৰা ৰৈ যোৱা বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে দাবী উত্থাপন হৈ অহাৰ বিপৰীতে শিক্ষা বিভাগে পুনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Education Minister video conference) । বৈঠকতে চৰকাৰে বৰ্তমানৰ পৰা বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত ইতিপূৰ্বে জাৰি কৰা অধিসূচনা ৩১ জুলাইৰ ভিতৰত কঠোৰভাৱে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হয় । কার্যতঃ ইয়াৰ জৰিয়তে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ তালিকাত অন্তৰ্ভুক্ত কৰা নহ'ব বুলি বিভাগে বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰে ।

school provincialization will closed from now
এতিয়াৰে পৰা প্রাদেশিকীকৰণ নহয় কোনো বিদ্যালয়

মন কৰিবলগীয়া যে ১৭ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ এক পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল (Review meeting of education department chaired by Himanta Biswa Sarma) । সেই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক লৈয়েই শিক্ষামন্ত্ৰীগৰাকীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ অনুষ্ঠিত কৰিছিল । বৈঠকত বিদ্যালয় একত্ৰীকৰণৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বিদ্যালয় একত্ৰীকৰণৰ সকলো প্ৰস্তাৱ সঞ্চালকক দাখিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে বিদ্যালয় একত্ৰীকৰণক লৈ উত্থাপিত হ’ব পৰা অভিযোগ-সমস্যা আদি সন্দৰ্ভতো সঞ্চালকক দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়ে ।

একে সময়তে একত্ৰিকৰণ হ'ব লগা বিদ্যালয় দুখনৰ, যিখন বিদ্যালয়ৰ পৰিসীমা বৃহৎ, সেইখন বিদ্যালয়তহে আনখন বিদ্যালয় একত্ৰীকৰণ কৰাৰ নিৰ্দেশ দিয়া হয় । আনহাতে ৰাজ্যৰ সময় নিৰ্ধাৰিতভাৱে ৭৮৫ খনতকৈও অধিক হাইস্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণৰ প্ৰস্তাৱ লোৱা হৈছে । এইক্ষেত্ৰত উন্নীত হ’ব লগা বিদ্যালয়কেইখনৰ সমীপত যাতে আন কোনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাথাকে, সেই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণৰো নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে । এইক্ষেত্ৰত উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব খোজা হাইস্কুলসমূহৰ পৰ্যাপ্ত আন্তঃগাঁথনি আৰু ভূমি থকাৰ বিষয়টোকো অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

শিক্ষামন্ত্ৰীয়ে সকলো জিলা প্ৰাথমিক বিষয়া আৰু পৰিদৰ্শকসকলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব খোজা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সন্দৰ্ভত এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে । উল্লেখ্য যে শিক্ষামন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত ভিডিঅ' কনফাৰেঞ্চত বিদ্যালয় উন্নীতকৰণৰ আন এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সেই অনুসৰি যিসমূহ পঞ্চায়ত এলেকাত উচ্চ প্ৰাথমিক, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, তেনে এলেকাত থকা নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুলসমূহক উন্নীত কৰাৰ বাবে প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ দিয়া হয় । শিক্ষা বিভাগৰ এই সিদ্ধান্তই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কাৰণ এতিয়াও বহু বিদ্যালয় প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত আছে ।

লগতে পঢ়ক:প্ৰাদেশিকীকৰণ আৰু কিমান দেৰি? বিনা বেতনে অৱসৰ বহু শিক্ষকৰ !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.