ETV Bharat / state

No rainfall in Assam this year:বৃষ্টিহীন প্ৰাক মৌচুমী; জেঠৰ শেষতো শুকান কঠীয়াতলী- বান-খৰাঙে পৃষ্ট কৰিব অসমক

author img

By

Published : Jun 6, 2023, 10:44 AM IST

অৰ্থনৈতিক উন্নয়ন বৰবিহ হৈ ধৰা দিছে প্ৰকৃতিৰ বুকুত ৷ উন্নয়নৰ নামত গছ কাটোতে কাটোতে সেউজীয়া পৃথিৱী আজিকালি চকুত নপৰা হৈছে মানুহৰ ৷ বিগত কেইবাবছৰৰ তুলনাত অসমত এইবাৰ বহু পৰিমাণে হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা (no rain in pre monsoon season in Assam) ৷

There is no rainfall in Assam this year
বৃষ্টিহীন অসম

গুৱাহাটী, ৫ জুন : দেওবাৰৰ দিনটোত সকলোৱে অতি সুন্দৰকৈ উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে । গছপুলি ৰোপন কৰাকে ধৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰালৈকে বিভিন্ন পদক্ষেপ হাতত লৈ সকলোৱে বিশ্ব পৰিৱেশ দিৱস সফল কৰি তোলে ৷ কিন্তু মন কৰিবলগীয়া কথা যে চলিত বছৰত উৎকট গ্ৰীষ্মদাহে হাহাকাৰ লগাইছে অসমবাসীৰ মাজত ৷ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছে দেশৰ আন ঠাইৰ লগতে অসমো ৷ এক সাংঘাতিক ৰূপ পৰিগ্ৰহ কৰিছে অসমৰ বতৰে (no rain in pre monsoon season in Assam) ৷

প্ৰাক মৌচুমী কালৰ পৰিৱৰ্তিত বতৰে চিন্তাত পেলাইছে বিজ্ঞানীসকলক ৷ আন বছৰৰ তুলনাত অসমত ৩৮ শতাংশ বৰষুণৰ পৰিমাণ কমিছে এই বছৰৰ প্ৰাক মৌচুমী কালত ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই কঢ়িয়াই আনিছে এক ভয় লগা বাৰ্তা ৷ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যখনত পূৰ্বৰ তুলনাত এইবাৰৰ প্ৰাক মৌচুমী কালত উল্লেখযোগ্য ধৰণে কমিছে বৰষুণৰ পৰিমাণ ।

আন বছৰৰ তুলনাত এইবাৰ ৩১ মাৰ্চৰ পৰা ৩১ মে’লৈ এই সময়ছোৱাত ৩৮ শতাংশ বৰষুণৰ হাৰ কমিছে ৷ বিগত বছৰত এই প্ৰাক মৌচুমী কালত ৪০ শতাংশ অতিৰিক্ত বৰষুণ হৈছিল ৷ যোৱা বছৰবোৰত অসমত প্ৰাক মৌচুমী কালত ৫৪২ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছিল ৷ তাৰ বিপৰীতে এইবছৰৰ প্ৰাক মৌচুমী কালত ৩৩৭ মিঃমিঃ বৰষুণহে হৈছে ৷ বতৰৰ এক সাংঘাতিক পৰিবৰ্তন অসমত (There is no rainfall in Assam this year) ৷

There is no rainfall in Assam this year
বৃষ্টিহীন অসম

প্ৰাক্ মৌচুমীকালৰ এনে বতৰ পৰিৱৰ্তনে অসমৰ আৰ্থ-সামাজিক দিশত ব্যাপক নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে ৷ যাৰ ফলত বিশেষকৈ প্ৰভাৱগ্ৰস্ত হ’ব কৃষিখণ্ড ৷ কৃষিৰ লগতে চাহ উদ্যোগ আৰু জনস্বাস্থ্যৰো অৱনতি ঘটাৰ আশংকা কৰা হৈছে ৷ পৰৱৰ্তী সময়ছোৱাত বৰষুণ অহাৰ সম্ভাৱনা থাকিলেও পৰ্যাপ্ত পৰিমাণৰ বৰষুণৰ অভাৱত চাহ উদ্যোগৰ উৎপাদন কমিছে । কেৱল গুৱাহাটীতে নহয় ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লগতে শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি আদিতো ভূতল জলৰ পৰিমাণ কমি গৈ থকাৰ তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে ৷ অনাবৃষ্টিৰ বিপৰীতে সমগ্ৰ অসমত আজিৰ তাৰিখতো প্ৰায় ৮৫ শতাংশ কৃষি ভূমিতে নাই জলসিঞ্চনৰ ব্যৱস্থা নাই ৷ স্বাভাৱিকতে সেয়ে অনাবৃষ্টিৰ বাবে হোৱা খৰাঙৰ বাবে কমি যাব কৃষি উৎপাদন ৷

চৰকাৰী তথ্যমতে অসমত কমিছে ধান উৎপাদনৰ পৰিমাণ ৷ আহুধানৰ পৰিমাণ ৬.৯ শতাংশ, শালিধানৰ ১৪.৯২ শতাংশ উৎপাদন কমিছে ৷ লগতে ২১.২৩ শতাংশ বৰো ধানৰো উৎপাদন কমিছে ৷ বতৰৰ অভাৱনীয় পৰিৱৰ্তনৰ বাবে গ্ৰীষ্মকালীন শাক-পাচলিৰ উৎপাদনতো ইয়াৰ নেতিবাচক প্রভাৱ পৰিব ৷ প্ৰাক মৌচুমীৰ বৃষ্টিহীনতাৰ ফলত এইবাৰৰ বৰো খেতিৰ উৎপাদনত বিৰূপ প্ৰভাৱৰ পৰাৰ লগতে খৰাং সদৃশ পৰিস্থিতি হৈছে ৷ যাৰ ফলত আজি জেঠ মাহৰ ২১ তাৰিখতো শুকান পথাৰ, শুকান কঠীয়াতলী ৷ খৰাঙৰ বাবে শালিধানৰ কঠীয়া পৰাত দেৰি হ’ব । যাৰ প্ৰভাৱ পৰৱৰ্তী সময়ত ধানৰ উৎপাদনত পৰিব ৷

তথ্য হিচাবে লখিমপুৰ, শোণিতপুৰকে ধৰি কেইবাখনো জিলাত অভাৱনীয়ভাৱে কমকৈ বৰষুণৰ পৰিমাণৰ কথা উল্লেখ কৰিব পাৰি ৷ যোৱা দহটা বছৰৰ তথ্যত প্ৰকাশ পাইছে উদ্বেগজনক প্ৰতিচ্ছবি । যাৰ বাবে কৃষি বিজ্ঞানী সকলো উদ্বিগ্ন হৈ পৰিছে । তথ্য অনুসৰি কেৱল লখিমপুৰতে চলিত বর্ষৰ মার্চৰ পৰা মে’ মাহলৈ গড় বৰষুণৰ পৰিমাণ বিগত বছৰতকৈ ৫৩ শতাংশ কমকৈ বৰষুণ হৈছে । যোৱা দহটা বছৰত গড় বৰষুণৰ তথ্য বিশ্লেষণৰ ভিত্তিত এই পৰিমাণ ১৮ শতাংশ কম । প্ৰাক্ মৌচুমীৰ ফলত যোৱা বছৰৰ এই তিনিমাহত হৈছিল ৪৫৮.৬ মিঃমিঃ বৰষুণ ৷ তাৰ বিপৰীতে এই বছৰত এই সময় চোৱাত ২১৩.৩৬ মিঃমিঃ বৰষুণ হৈছে । ইয়াও ফলত অস্বাভাৱিক হাৰত গৰম বৃদ্ধি পাইছে ।

লগতে পঢ়ক : World Environment Day: নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.