ETV Bharat / state

Assam flood news: বানৰ কৱলত ৰাজ্যৰ ১৯ খন জিলা, অপৰিৱৰ্তিত বান পৰিস্থিতি

author img

By

Published : Jun 20, 2023, 8:14 PM IST

ৰাজ্যত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । বান প্ৰভাৱিত জিলাৰ সংখ্যা ১৯ খনলৈ বৃদ্ধি পাইছে ।

nineteen districts in Assam are under floods
অপৰিৱৰ্তিত বান পৰিস্থিতি

গুৱাহাটী, 20 জুন : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে, বিগত সোমবাৰলৈকে ১৮ খন জিলা বছৰৰ প্ৰথমটো বানত প্ৰভাৱিত হৈছিল । কিন্তু ৰাজ্যজুৰি ধাৰাৱাহিকভাৱে বৰষুণ হৈ থকাত বান প্ৰভাৱিত জিলাৰ সংখ্যা ১৯ খনলৈ বৃদ্ধি পাইছে । ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ, উপনৈৰ পানী বাঢ়ি থকাত ন ন অঞ্চল বানত বুৰ গৈছে ।

উল্লেখ্য যে, কামপুৰৰ কপিলী নৈ মঙলবাৰেও বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে । কপিলী নৈৰ কাষৰীয়া গাঁওসমূহত প্ৰশাসনে সতর্কতা অৱলম্বন কৰিছে ।

লক্ষণীয় যে দৰং আৰু কোকৰাঝাৰৰ ৮ খন দলঙৰ বিস্তৰ ক্ষতি হোৱাত ৰাইজৰ যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে। বৰপেটা জিলাৰ সৰুপেটা-মাজগাঁও পথৰ দলং এখনৰ এটা মূৰ খহি যোৱাত সেই অঞ্চলৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে । প্ৰশাসনে এই পর্যন্ত ২৫ টা শিবিৰত খাদ্য যোগান ধৰিছে যদিও নাওবৈচা, ধেমাজি, বিশ্বনাথ, চিৰাং, লখিমপুৰৰ বহু বানত প্লাৱিত গাঁৱত প্ৰশাসনে বন্যাৰ্তক খাদ্য যোগান নধৰাৰ অভিযোগ উঠিছে ।

ইফালে, ভূটানৰ বান্ধৰ অতিৰিক্ত পানী বৰপেটা, বাক্সা, চিৰাং জিলালৈ বৈ অহাত আতংকৰ সৃষ্টি হৈছে । বিগতো বছৰো ভূটানৰ অতিৰিক্ত পানীয়ে বহু গাঁৱৰ ক্ষতিসাধন কৰিছিল । মৌচুমী সক্ৰিয় হৈ থকা কেইদিনমানলৈ ৰাজ্যত বৰষুণ অব্যাহত থাকিব । ফলত বান পৰিস্থিতি আৰু অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, হোজাই, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ ৫২৩ খন গাঁও বানৰ কৱলত আছে । বানত ৩৪ হাজাৰো অধিক লোক প্ৰভাৱিত হোৱাৰ লগতে ৫৮৪২ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । আশ্ৰয় শিবিৰত সম্প্ৰতি বহুজন বন্যার্তই আশ্ৰয় লৈ আছে । বানত প্ৰভাৱিত হৈছে কুৰি হাজাৰৰো অধিক পশুধন আৰু হাঁহ-কুকুৰা ।

ইপিনে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে বতৰৰ আগজাননী আৰু সতর্কতা জাৰি কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ জিলাসমূহৰ প্ৰায় সকলো ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ লগতে ঠাই বিশেষে প্ৰৱলৰ পৰা অতি প্ৰৱল তথা দুই এঠাইত অত্যন্ত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে | যোৱা ২৪ ঘণ্টাত অতি প্ৰৱল বা প্ৰৱল বৰষুণ হোৱা অসমৰ ঠাইসমূহ হ’ল- বেকী মথানগুৰি, কৰিমগঞ্জ, ওদালগুৰি, হাজুৱা, হয়বৰগাওঁ, জীয়া ভৰালী, মতুংগা, ডি আৰ এফ, ৰহা । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩.০৹C ৰ পৰা ৫.০৹C কম আছিল । ৰাজ্যখনত সোমবাৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা গোলাঘাটত ২৮.০৹C ৰেকৰ্ড কৰা হৈছিল ।

লগতে পঢ়ক : Water supply pipe burst: এইবাৰ নুনমাটিত জলবিস্ফোৰণ; আকৌ ফুটিল পানীৰ পাইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.