ETV Bharat / state

সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ - গুৱাহাটী উচ্চ ন্যায়ালয়

পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বিধায়ক অখিল গগৈ ৷ আদালতে অখিল গগৈক দোষমুক্ত কৰাৰ পাছত নিয়াই পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি আবেদন কৰিছে ।

nia in high cort against akhil gogoi
সংকটে ল'গ এৰা নাই বিধায়ক অখিল গগৈৰ
author img

By

Published : Jul 14, 2021, 1:05 PM IST

গুৱাহাটী, ১৪ জুলাই : পুনৰ যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । অৱশ্যে এই কথা আমি কোৱা নাই । এই কথা নিজেই সদৰী কৰিলে অখিল গগৈয়ে ।

বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনাৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । চানমাৰি থানাত ৰুজু হৈ থকা গোচৰৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়কগৰাকী । এইক্ষেত্ৰত বিধায়কগৰাকীয়ে অসমবাসীৰ সহায় বিচাৰিছে ।

তেওঁ কয় যে, নিয়াৰ আদালতে ভুৱা গোচৰ বুলি ৰায় দিয়াৰ পাছত চানমাৰি থানাৰ গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নিয়া ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি প্ৰথম শুনানি আছে । আদালতে অখিল গগৈক দোষমুক্ত কৰাৰ পাছত নিয়াই পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি আবেদন কৰিছিল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গগৈয়ে ৷

লগতে তেওঁ কয় যে, কাৰাগাৰৰ পৰা মই বাহিৰ হোৱাটো অসম চৰকাৰ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিচৰা নাছিল । যাৰ বাবে পুনৰ জেললৈ প্ৰেৰণ কৰাৰ বাবে তেওঁলোকে আকৌ এবাৰ পৰিকল্পনা কৰিছে বুলি অখিল গগৈয়ে কয় । অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগে মোক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলি অখিল গগৈয়ে মন্তব্য কৰে । উল্লেখ্য যে, নিয়াই লোৱা চাবুৱা আৰু চানমাৰি থানাৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে আদালতে অখিল গগৈক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰিছে ।

১ জুলাইত নিয়াৰ আদালতে চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত দোষমুক্ত কৰিছিল অখিল গগৈক । কিন্তু আদালতৰ এই ৰায়ত সন্তুষ্ট নহৈ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ কাষ চাপিছিল নিয়া । পুনৰ অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি উচ্চ ন্যায়ালয়ত এই আবেদন কৰিছে । এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি প্ৰথম শুনানি গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.