ETV Bharat / state

কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

অন্ত পৰিল ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ ঘোষণা হ'ল ফলাফল ৷ 75খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰবাৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট ৷ পিছে সৰ্বত্ৰে এতিয়া কেৱল চৰ্চা কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? বিজেপিৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছতে ঘোষণা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷ ইয়াকে লৈ এতিয়া উৎকণ্ঠাৰে বাট চাইছে সমগ্ৰ অসমবাসীয়ে ৷

author img

By

Published : May 3, 2021, 6:10 PM IST

next-cm-of-assam
কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

গুৱাহাটী,৩ মে': অন্ত পৰিল ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ ঘোষণা হ'ল ফলাফল ৷ 75খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰবাৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট ৷ পিছে সৰ্বত্ৰে এতিয়া কেৱল চৰ্চা কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? কিন্তু মন কৰিবলগীয়া কথা যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ 24 ঘণ্টা পাৰ নৌহওঁতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সলনি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতহে উবুৰি খাই পৰা দেখা পোৱা গ'ল যথেষ্ট সংখ্যক নৱ-নিৰ্বাচিত বিধায়কক ৷ আনকি বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত হ'ল প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ বাসগৃহত ৷ জানিব পৰা মতে, মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা প্ৰায় সংখ্যক নৱ-নিৰ্বাচিত বিধায়কে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷

কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

বিগত সময়ছোৱাত ৰাজ্যৰ লোকসভা নিৰ্বাচনেই হওঁক নতুবা বিধানসভা নিৰ্বাচনেই হওঁক, প্ৰতিটো নিৰ্বাচনতে দলৰ মুখ্য সেনাপতি হিচাপে সমুখ সমৰত অৱতীৰ্ণ হৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰতিখন নিৰ্বাচনী সভাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপেও বিবেচিত হৈ আহিছে মন্ত্ৰী গৰাকী ৷ তেনেহ'লে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি লক্ষ্য ৰাখি পুৰস্কাৰ হিচাপে আগবঢ়াব নেকি মুখ্যমন্ত্ৰীৰ পদ ?

আনহাতে, যদি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিচিত সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত নকৰে, তেনেহ'লে কি দায়িত্ব অৰ্পণ কৰা হ'ব সৰ্বানন্দ সোণোৱালক ? তদুপৰি যি সময়ত বিজেপিৰ স্থিতি অসমত লঠঙা আছিল, সেই সময়ত বিজেপিৰ গুৰি ধৰি ৰাজ্যত বিজেপি ঠন ধৰি উঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

এই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পৰিব আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছত ৷ বিজেপিৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছতে ঘোষণা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷ ইয়াকে লৈ এতিয়া উৎকণ্ঠাৰে বাট চাইছে সমগ্ৰ অসমবাসীয়ে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.