ETV Bharat / state

Organ trafficking : চিকিৎসকৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য

মহানগৰীৰ এজাইল হাস্পতালত চিকিৎসা চলোৱা ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চৰ বিৰুদ্ধে ৪০৭০/২১ নম্বৰত দিছপুৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ লৰেঞ্চক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে কলংকিত অতীতৰ অধ্যায় পোহৰলৈ আহে ৷

author img

By

Published : Nov 14, 2021, 5:16 PM IST

Updated : Nov 14, 2021, 7:07 PM IST

Ogran trafficking
চিকিৎসক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য

গুৱাহাটী, ১৪ নৱেম্বৰ : দীৰ্ঘদিন ধৰি মহানগৰীত আত্মগোপন কৰি থকা এগৰাকী চিকিৎসকক অৱশেষত কৰায়ত্ত কৰিছে দিছপুৰ আৰক্ষীয়ে ৷ অৱশ্যে কিডনীৰ ব্যৱসায় সংক্ৰান্তীয় গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই চিকিৎসকজনক ৷ এগৰাকী মহিলাৰ অপহৰণৰ গোচৰতহে গ্ৰেপ্তাৰ কৰা হৈছে ডাঃ অক্ষয় সন্তোষ ৰাৱট ওৰফে ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ ওৰফে ববীক ৷

মহানগৰীৰ এজাইল হাস্পতালত চিকিৎসা আগবঢ়াই অহা চিকিৎসকজনৰ বিৰুদ্ধে ৪০৭০/২১ নম্বৰত দিছপুৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ কিন্তু ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে কলংকিত অতীতৰ অধ্যায় পোহৰলৈ আহে ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, এজাইল হাস্পতালত ২০২০ চনৰ পৰা শৈল্য চিকিৎসক হিচাপে কৰ্মৰত আছিল ডাঃ অক্ষয় সন্তোষ ৰাৱট ওৰফে ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ ৷ ৰাৱটৰ চিকিৎসক পিতৃ তথা মুম্বাইৰ শৈল্য চিকিৎসক ডাঃ অমৃত ৰাৱট ওৰফে সন্তোষ ৰাৱটকো কেইবছৰমান পূৰ্বে কিডনী সৰবৰাহকাৰীৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

ডাঃ অমৃত ৰাৱটৰ বিৰুদ্ধে ১৯৯৮ চনত মুম্বাইত প্ৰথমটো কিডনী সৰবৰাহকাৰী গোচৰ ৰুজু হোৱাৰ লগতে ২০০৫ দিল্লীত আৰু ২০১৭ চনত ডেৰাডুনত কেইবাটাও গোচৰ ৰুজু কৰা হয় ৷ ডাঃ ৰাৱটৰ সহযোগী তথা পুত্ৰ ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ৷ দুই পিতা-পুত্ৰই বিভিন্ন লোকক প্ৰলোভন দি তেওঁলোকৰ দেহৰ পৰা কিডনী উলিয়াই আনলোকৰ দেহত অবৈধভাৱে সংৰোপণ কৰিছিল ৷ ইয়াৰ বিনিময়ত ৰোগীৰ অভিভাৱকৰ পৰা ৩০-৩৫ লাখ টকা আদায় কৰিছিল দুয়োগৰাকী চিকিৎসকে ৷

অসমৰ পৰা বহু যুৱক-যুৱতীক প্ৰলোভন দি বাহিৰলৈ নিয়াৰ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ ৷ ইপিনে উত্তৰাখণ্ড আৰক্ষীয়ে চিকিৎসকজনৰ সন্ধান দিওতাক ২০ হাজাৰ টকা নগদ ধনেৰে পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, উত্তৰাখণ্ড আৰক্ষীৰ এটা দল শনিবাৰে মহানগৰীত উপস্থিত হৈ অভিযুক্ত চিকিৎসকজনক নিজৰ জিন্মাত লয় ৷

লগতে চাওক: Ogran trafficking : ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

Last Updated : Nov 14, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.