ETV Bharat / state

পথৰ দাঁতিৰ জংঘলত নিমখৰ মাজত ৰাখি যোৱা নৱজাতক উদ্ধাৰ - জংঘলত নিমখৰ মাজত ৰাখি যোৱা নৱজাতক উদ্ধাৰ

মানৱতাক ভূলুন্ঠিত কৰি জীৱন্তে কাৰ্টুনত ভৰাই পথৰ দাঁতিৰ জংঘলত পেলাই থৈ গ'ল নৱজাতকক ৷ উত্তৰ গুৱাহাটী কলবাৰী গেছ বটলিং প্লান্টৰ সমীপত সদ্যোজাত কন্যা শিশুটি উদ্ধাৰ ৷ হত্যাৰ মানসেৰে কাৰ্টুনত নিমখৰ মাজত শিশুটিক ভৰাই জংঘলত ৰাখি থৈ যোৱাৰ অভিযোগ ৷ শিশুটিক উন্নত চিকিৎসাৰ বাবে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

জংঘলৰ দাঁতিত নিমখৰ মাজত ৰাখি যোৱা নৱজাতক উদ্ধাৰ

author img

By

Published : Oct 4, 2020, 9:16 PM IST

আজাৰা, 4 অক্টোবৰ: সভ্য সমাজক লজ্জানত কৰি এইখন অসমতে সংঘটিত হ'ল এক অমানৱীয় ঘটনা ৷ কোনো পাষাণ হৃদয়ৰ লোকে সদ্যোজাত এটি কন্যা শিশুক নিমখৰ মাজত পানীৰ কাৰ্টুনত ভৰাই পিঁয়াজৰ বস্তাৰে মেৰাই ৰাখি থৈ গ'ল পথৰ দাঁতিৰ জংঘলত ৷ উত্তৰ গুৱাহাটীৰ কলবাৰী গেছ বটলিং প্লান্টৰ সমীপত শিশুটিৰ কান্দোন শুনি পথচাৰীয়ে শিশুটি উদ্ধাৰ কৰে ৷ দেওবাৰে বিয়লি প্ৰায় 2:30 বজাত শিশুটি স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷

পথৰ দাঁতিৰ জংঘলত কান্দোন শুনি কোনো পথচাৰীয়ে শিশুটি প্ৰথমে প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত শিশুটি উদ্ধাৰ কৰে ৷ আশা কৰ্মীয়ে শিশুটি নিৰীক্ষণ কৰি কন্যা সন্তান বুলি নিশ্চিত কৰি কেইঘন্টামান পূৰ্বে শিশুটিৰ জন্ম হোৱা বুলি ব্যক্ত কৰে ৷ ইয়াৰ পাছতে আৰক্ষীক অৱগত কৰি শিশুটিক উন্নত চিকিৎসাৰ বাবে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় লোকে অভিযোগ কৰি কয় যে সম্ভৱত হত্যাৰ মানসেৰে কাৰ্টুনৰ মাজত শিশুটিক নিমখ দি এনেকৈ ৰাখি থৈ যোৱা হৈছিল ৷

লগতে পঢ়ক: ভৰলুমুখত দাউদাউকৈ জ্বলিল এখন ইন’ভা বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.