ETV Bharat / state

New Assamese film: বেহাৰবাৰীত নতুন অসমীয়া ছবিৰ শুভ মহুৰৎ - New Assamese film

আকৌ এখন অসমীয়া কথা ছবি । শীঘ্ৰেই নিৰ্মাণ হ'বলৈ গৈ আছে অসমীয়া কথাছবি কাকা । IVR ফুটেজ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ হ'ব কথাছবি কাকা (New Assamese film auspicious mahurat in Beharbari) ।

New Assamese film auspicious mahurat in Beharbari
বেহাৰবাৰীত নতুন অসমীয়া ছবিৰ শুভ মহুৰৎ
author img

By

Published : May 30, 2023, 1:03 AM IST

বেহাৰবাৰীত নতুন অসমীয়া ছবিৰ শুভ মহুৰৎ

গুৱাহাটী,২৯ মে': চৌদিশে এতিয়া অসমীয়া ছবিৰ জয়জয়কাৰ । ইখনৰ পাছত সিখনকৈ অসমীয়া ছবিয়ে দখল কৰিছেহি ছবিঘৰ । শেহতীয়া আৰু আহিবলগীয়া ছবিসমূহৰ চৰ্চা চলি থকাৰ মাজতে চৰ্চিত হৈছে আন এখন ছবিৰ প্ৰসংগ । শীঘ্ৰেই নিৰ্মাণ হ'বলৈ গৈ আছে অসমীয়া কথাছবি কাকা (New Assamese film auspicious mahurat in Beharbari)।

IVR ফুটেজ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ হ'ব কথাছবি কাকা । সোমবাৰে কথাছবিখনৰ শুভ মহুৰৎ অনুষ্ঠিত কৰে মহানগৰীৰ বেহৰবাৰীত । কথাছবি কাকাৰ প্ৰযোজনা কৰিছে সংযুক্তা বেজবৰুৱাই । লগতে পৰিচালনা কৰিছে যশস্বী পৰিচালক ৰমেন বৰ্মনে । ছবিখনৰ মূল কাহিনী ৰমেন বৰ্মনৰ আৰু চিত্ৰনাট্য সংলাপ মানৱ জ্যোতি নাথৰ (New Assamese film) ।

সম্পূৰ্ণ বাস্তৱধৰ্মী এই ছবিখনত বিশেষকৈ প্ৰয়োগ কৰা হ'ব নামনি অসমৰ কামৰূপীয়া ভাষা । ২ জুনৰ পৰা আৰম্ভ হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ । অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীটো কৰা হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ । এই ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী, হিৰণ্য ডেকা, মানস শৰ্মাৰ লগতে অভিনেত্ৰী চেতনা দাস, ভ্ৰান্তি মেধিৰ তথা পৰিচালক ৰমেন বৰ্মনৰ উপৰিও বহু ন-পুৰণি শিল্পীয়ে (Assamese Film Industry) ।

সোমবাৰে অনুষ্ঠিত শুভ মহুৰৎ অনুষ্ঠানত উপস্থিত থাকে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্ত্বাধিকাৰী জয়ন্ত বৰুৱা প্ৰমুখ্যে ছবিখনৰ অভিনেতা অভিনেত্ৰীৰ লগতে কলা-কুশলীসকল । ছবিগৃহত মুকলি কৰাৰ পূৰ্বে বিভিন্ন চলচিত্ৰ বঁটা প্ৰাপ্তিৰ বাবেহে এই ছবিখন বিশেষকৈ নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰে ছবিখনৰ পৰিচালক ৰমেন বৰ্মনে ।

এই অনুষ্ঠানতেই মুকলি কৰা হয় IVR footage নামে এটা ই-কমাৰ্চ ডিজিটেল গ্লোবেল প্লেটফৰ্ম । বিশ্বজুৰি সৃষ্টিশীল পেছাদাৰী ফটোগ্ৰাফাৰ, ভিডিঅ' গ্ৰাফাৰসকলক তেওঁলোকৰ সৃষ্টিসমূহ প্ৰদৰ্শনৰ বাবে সৃষ্টি কৰা হৈছে এই মঞ্চৰ । এই গ্লোবেল প্লেটফৰ্মটো সোমবাৰে আনুষ্ঠানিকভাবে মুকলি কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই ।

লগতে পঢ়ক: Inter-Club Football League: কোকৰাঝাৰত প্ৰথম মহিলা আন্তঃক্লাৱ ফুটবল লীগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.