ETV Bharat / state

Maharashtra Political Crisis: এন চি পিৰ প্ৰতিবাদী নেতাক ৰেডিশ্বনৰ সন্মুখৰ পৰা চোঁচৰালে আৰক্ষীয়ে

author img

By

Published : Jun 25, 2022, 3:53 PM IST

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহা সংকটক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এন চি পিৰ ৰেডিশ্বন ব্লুত প্ৰতিবাদী কাৰ্যসূচী (NCP staged a protest at Radisson Blu in Guwahati )। প্ৰতিবাদকাৰীক আৰক্ষীৰ আধাতে বাধা আৰোপৰ লগতে আটক । মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতাসকলক অসম চৰকাৰে ৰাজ আতিথ্য দিয়াক লৈ কঠোৰ ভাষাৰে সমালোচনা ।

guwahati
এন চি পিৰ প্ৰতিবাদী নেতাক ৰেডিশ্বনৰ সন্মুখৰ পৰা চোঁচৰালে আৰক্ষীয়ে

গুৱাহাটী, ২৫ জুন: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহা সংকটক লৈ আজিও উত্তাল হৈ আছে ৰেডিশ্বন ব্লু চৌহদ(Maharashtra political crisis)। গুৱাহাটীৰ ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক সকলে যোৱা বুধবাৰৰ পৰা বাহৰ পাতি থকাৰ সময়তে শণিবাৰে দিনত অসম এন চি পি আৰু শিৱসেনা অসমৰ কৰ্মীয়ে বিলাসী হোটেলখনৰ সম্মূখত প্ৰতিবাদ সাব্যস্ত কৰে(NCP staged a protest at Radisson Blu in Guwahati )।

প্ৰতিবাদকাৰীসকলে হাতে হাতে পোষ্টাৰ লৈ ৰেডিশ্বন ব্লুৰ সম্মুখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে তেওঁলোকক আধাতে বাধা দিয়াৰ লগতে প্ৰতিবাদকাৰী সকলক আটক কৰে ।আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই বাছেত তুলি তাৰ পৰা গড়চুক থানালৈ লৈ যায় ।

প্ৰতিবাদকাৰীসকলে চৰাকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিকো বিধায়ক কিনা-বেচাৰ দৰে নীচ ৰাজনীতি কৰাৰ অভিযোগ তুলি কৰিলে ভৎসনা । বানৰ সময়ত বানাক্ৰান্তই খাদ্যৰ অভাৱত আৰ্তনাদ কৰি থকাৰ বিপৰীতে বিধায়ক কিনা-বেচাৰ দৰে নীচ ৰাজনীতিত ব্যস্ত থকাৰ লগতে মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতাসকলক পঞ্চতাৰকা হোটেলত ৰাজ আতিথ্য দিয়াক লৈ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । লগতে হোটেল ৰাজনীতি বন্ধ কৰিবলৈকো জনালে দাবী (Protest in front of Radisson Blu Hotel)।

উল্লেখ্য় যে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছ আৰু এন এছ ইউ আইৰ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত শুক্ৰবাৰে কংগ্ৰেছেও গ্ৰহণ কৰিছিল একেই কাৰ্যসূচী । ইয়াৰ পাছতেই শণিবাৰে অসম ৰাজ্যিক এন চি পিয়ে ৰেডিশ্বন ব্লুৰ সম্মূখত প্ৰতিবাদ সাব্যস্ত কৰে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰাত ৰেডিশ্বন ব্লুৰ চৌপাশে আৰক্ষী আৰু চি আৰ পি এফৰ নিৰপাত্তা বেষ্টনী অধিক কটকটীয়া কৰি তোলা হৈছে ।

লগতে পঢ়ক:Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.