কামৰূপ, ২২ মাৰ্চঃ শুকুৰবাৰে গোৱালপাৰাৰ ধূপধৰাৰ সীমান্তবৰ্তীপশ্চিম গাৰো পাহাৰ জিলাৰ আডকগ্ৰী গাঁৱত নেচনেল পিপল'ছ পাৰ্টীৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ।
লোকসভা নিৰ্বাচনৰ ২ নং তুৰা লোকসভা সমষ্টিৰ নেচেনেল পিপল'ছ পাৰ্টীৰ প্ৰাৰ্থী আগাথা চাংমাৰ হকে অনুষ্ঠিত হয় এই প্ৰচাৰ সভা। এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীৰ মাতৃ চৰাডিনী কে চাংমা, ভাতৃ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ভাতৃ তথা মেঘালয়ৰ গৃহমন্ত্ৰী জেমছ্কে চাংমা, মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা ডি ডি লাপাং সহিতে মেঘালয়ৰ বিধানসভা সমষ্টিৰ বহু কেইজন বিধায়ক । ভাষণ প্ৰসংগতআগাথা চাংমাই কয়-"২৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলো । সেই সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই এগৰাকী সৰু ছোৱালী বুলি অভিহিত কৰিছিল । কিন্তু এতিয়া মই ৰাজনীতিৰ ক্ষেত্ৰতযথেষ্ট অভিজ্ঞ ।"
কনৰাড চাংমা তথা আগাথাৰ পিতৃ প্ৰয়াতপি এ চাংমাই ৪০ বছৰ পূৰ্বে গাৰো পাহাৰত সেৱা আগবঢ়োৱাৰ অৰ্থে প্ৰতিষ্ঠা কৰা নেচনেল পিপল'ছ পাৰ্টী কেৱল মেঘালয়তে সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰসাৰিত হৈছে বুলি মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই ।