ETV Bharat / state

National Ayurveda Day: হৰ দিন হৰ ঘৰ আয়ুর্বেদ শীৰ্ষক অভিযানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ - গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়

শনিবাৰে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত (Guwahati Govt Ayurvedic College) ‘আয়ুৰ্বেদ উদযাপন’ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet Minister Sarbananda Sonowal) ।

Etv Bharatnational-ayurveda-day-to-be-celebrated-in-guwahati-govt-ayurvedic-college-on-october-23
‘হৰ দিন হৰ ঘৰ আয়ুর্বেদ’ অভিযানত অংশগ্রহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Oct 22, 2022, 10:38 PM IST

গুৱাহাটী, 22 অক্টোবৰ: আগন্তুক ২৩ অক্টোবৰ অৰ্থাৎ ৰবিবাৰে চিকিৎসাৰ দেৱতা ধনন্তৰীৰ জয়ন্তী উপলক্ষে পালন কৰা হ’ব ‘আয়ুৰ্বেদ দিৱস’ (National Ayurveda Day to be celebrated) ৷ এই ধনন্তৰীৰ জয়ন্তীৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত (Guwahati Govt Ayurvedic College) ‘আয়ুৰ্বেদ উদযাপন’ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet Minister Sarbananda Sonowal) । লগতে উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমাকান্ত শৰ্মা, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে উচ্চপদস্থ বিষয়ববীয়াসকল ।

অসম সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটো ভাৰতীয় প্ৰাচীন বিজ্ঞান আয়ুৰ্বেদক জনমানসত পুনৰ জনপ্ৰিয় কৰি তোলাৰ মানসেৰে এই বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰা হয়৷ অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে আগন্তুক দীপাৱলী (Diwali 2022) আৰু ধনতেৰাচৰ শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ বক্তব্যৰ আৰম্ভণি কৰে ।

national-ayurveda-day-to-be-celebrated-in-guwahati-govt-ayurvedic-college-on-october-23
‘হৰ দিন হৰ ঘৰ আয়ুর্বেদ’ অভিযানত অংশগ্রহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘আগন্তুক ২০ ডিচেম্বৰত এই গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব । লগতে ‘আজাদী কা অমৃত মহোৎসৱ’ (Azadi Ka Amrit Mahotsava) উপলক্ষে ভাৰত চৰকাৰেও ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সহযোগত ভাৰতবৰ্ষৰ ৭৫ বছৰীয়া এই যাত্ৰাত কিমান উল্লেখযোগ্য গৱেষণা সম্ভৱ হৈছে, বিভিন্ন ক্ষেত্ৰত দেশখনে কিমান আগবাঢ়িছে সেই বিষয়ে পর্যালোচনা আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ ভাৰতৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, প্ৰতিষ্ঠান আদিত এই বিষয়ে আলোচনা কৰা হৈছে । আগন্তুক ২৫ বছৰৰ এই অমৃতকালছোৱা অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক সফলতাৰ নতুন দিশেৰে উত্তৰণ কৰিবলৈ চৰকাৰৰ সকলো বিভাগ আৰু মন্ত্ৰালয়ৰ অধীনত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । এই মহাবিদ্যালয়খনেও ৭৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ওলোৱাৰ ক্ষণত সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীকে আন্তৰিক অভিনন্দন জনাইছোঁ ৷’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, ‘‘শিক্ষানুষ্ঠানখনে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত কেনেদৰে মানুহৰ মাজলৈ লৈ যাব পাৰি তাৰে চিন্তা-চৰ্চা কৰিব লাগিব । অন্যথা আমাৰ প্ৰাচীন চিকিৎসা বিজ্ঞানৰ শক্তি সন্দৰ্ভত প্ৰকৃতিৰ ভুমিকা কি, ইয়াৰ সম্পদ, সম্ভাৱনা আদি মানুহৰ মাজত বিতংভাৱে আলোচনা নহ'লে এই বিজ্ঞানে মানুহৰ মাজৰ পৰা বহু দূৰত অৱস্থান কৰিব । এই ক্ষেত্ৰত ভাৰত চৰকাৰে National Implementation committee অধ্যক্ষ তথা ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ২৯ আগষ্টত হোৱা সভাত সিদ্ধান্ত লোৱামৰ্মে ২২টা মন্ত্ৰাণালয়ে ঐক্যবদ্ধ হৈ ভাৰতৰ বুকুত সপ্তম 'আয়ুৰ্বেদ দিৱস' পালনৰ বাবে ছয় সপ্তাহ আগৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিল ।"

এই সন্দৰ্ভত তেওঁ কয়, ‘‘আজি আমি এই যাত্ৰাত সফল হৈছোঁ । বিগত ১২ ছেপ্তেম্বৰৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হৈছে । এইবাৰৰ মূল বিষয়বস্তু হৈছে 'হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা' অর্থাৎ প্ৰতিদিনে প্ৰতিঘৰে আয়ুৰ্বেদ (Har Din Har Ghar Ayurveda)। মানুহৰ মনত আয়ুৰ্বেদক লৈ অনুসন্ধিৎসা বঢ়াবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে ৷’’ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘‘আয়ুৰ্বেদ হৈছে এক জীৱন বিজ্ঞান । সুস্থ আৰু সুখী জীৱন সম্পৰ্কে ই এক শিক্ষা ব্যৱস্থা । এটা সফল, সুখী আৰু সু-স্বাস্থ্যময়জীৱন আমাৰ সকলোৰে কাম্য । সেয়েহে আয়ুৰ্বেদৰ লগত জড়িত ব্যক্তিসকলে এইক্ষেত্ৰত প্ৰধান ভূমিকা ল'ব লাগিব ।’’

শিক্ষার্থীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় যে ‘‘তেওঁলোকেই এদিন ভাৰতৰ হৈ আয়ুৰ্বেদৰ কণ্ঠ হ'ব লাগিব । সেয়েহে তেওঁ কয় যে, পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে চুক্তি কৰি আয়ুৰ্বেদ সম্পৰ্কীয় গৱেষণা ভাৰত চৰকাৰে আগবঢ়াই নিবলৈ বিচাৰিছে । আনকি বিদেশৰ পৰাও অনেক শিক্ষার্থী ভাৰতলৈ আহি আয়ুষ চিকিৎসা প্ৰণালী সম্পৰ্কে অধ্যয়ন কৰিছে আৰু তেওঁলোকে পাছলৈ নিজ নিজ ৰাষ্ট্ৰত সেই শিক্ষাৰ প্ৰসাৰ কৰিছে ।’’

‘‘ভাৰতীয় সভ্যতাৰ প্ৰকৃত শক্তি স্বৰূপ প্ৰাচীন জ্ঞান-বিজ্ঞানক মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট দ্বায়িত্ব আছে । আমি পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহৰ বিষয়ে আকৌ নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ কৰিব লাগিব । তদুপৰি বিভিন্ন ভূ-প্ৰাকৃতিক খণ্ডত পোৱা উদ্ভিদৰ ঔষধি গুণ সমূহৰ বিষয়ে আমি গৱেষণা কৰিব লাগিব । তাৰ বাবে কেৱল ২৩ তাৰিখৰ দিনটোকে শেষ দিন হিচাপে আপোনালোকে নল'ব’’ বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

‘‘বছৰৰ ৩৬৫ দিনতেই ইয়াৰ চৰ্চা অব্যাহত থাকিব লাগিব । আয়ুৰ্বেদ চর্চাক এক জন আন্দোলনৰূপে আমি গঢ়ি তুলিব লাগিব । তাত জন ভাগীদাৰী অৰ্থাৎ মানুহৰ অংশগ্ৰহণ অধিক কৰিব লাগিব । তেতিয়াহে জন আৰোগ্য সম্ভৱ হ'ব " বুলি সোণোৱালে কয় । আয়ুৰ্বেদক জনতাৰ ওচৰলৈ নিয়াৰ উপায় হিচাপে 'জন সম্বাদ', 'জন ভাগীদাৰী', 'জন আন্দোলন' আৰু 'জন আৰোগ্য'ৰ গুৰুত্বও তেওঁ ভালদৰে বৰ্ণনা কৰে । শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, "ছাত্ৰ-ছাত্ৰীসকলে এইবোৰ কথা বেছি ভালকৈ বুজি পাব লাগিব । আজি বিশ্ব স্বাস্থ্য সংস্থাই, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰম্পৰাগত চিকিৎসাশৈলীৰ বাবে আমাৰ দেশখনক আটাইতকৈ শক্তিশালী দেশ হিচাপে অভিহিত কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ পিছত ভাৰতৰ বাবে এয়া এক সর্বোচ্চ সফলতা বুলিও ক'ব পাৰি। এতিয়া আপোনালোকৰো দায়িত্ব আগতকৈ অধিক বৃদ্ধি হ'ল। বৈশ্বিক নেতৃত্ব ল'বলৈ আপোনালোক সাজু হ'বৰ হ'ল ।’’

আয়ুষ উদ্যোগৰ সম্ভাৱনাৰ কথা ক'বলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতে আয়ুষ উদ্যোগৰ জৰিয়তে ১,৪০,০০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । এইটো খণ্ডত বৰ্তমান কর্মসংস্থাপনৰ সম্ভাৱনা বহু বেছি । বিশ্বৰ বিভিন্ন প্ৰান্তত আয়ুষ খণ্ডৰ চাকৰি কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । অনুষ্ঠানত সোণোৱালে যোগভ্যাসৰ গুৰুত্বও বিতংভাৱে আলোচনা কৰে । বিশ্বব্যাপী যোগৰ গুৰুত্ব বৃদ্ধি হোৱাটো ভাৰতৰ বাবে এক শুভ লক্ষণ বুলিও উল্লেখ কৰে ।

তেওঁ কয় যে, পশ্চিমীয়া খাদ্যাভাসৰ কু-প্ৰভাৱৰ ফলত বহু সংখ্যক ভাৰতীয় লোকৰ স্বাস্থ্যহানি হৈছে । আমাৰ খাদ্যই আমাৰ ঔষধ বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেয়েহে পৰিৱেশৰ লগত থাপ খোৱা আয়ুষ আহাৰ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় । এইক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ আয়ুৰ্বেদিক মহাবিদ্যালয় কর্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ভূমিকা ল'বলৈ তেওঁ অনুৰোধ জনায় । অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ডাঃ বিশ্বজিৎ দাস, ডাঃ মৃতেশ চৌহান, ডাঃ বেবী আৰু ডাঃ নিতিন উর্মিলীয়া ৰচিত "Clinical Approach in Agada Tantra" নামৰ গ্ৰন্থও উন্মোচন কৰে ।

লগতে পঢ়ক: Basistha Dev Sharma no more : বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.