গুৱাহাটী,9 মাৰ্চ: ভাৰতীয় জনতা পার্টিৰ খানাপাৰাস্থিত নির্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত সোমবাৰে এক সংবামেল সম্বোধন কৰে ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞা আৰু দলৰ মুখপাত্র জানকী খাউণ্ডে । আন্তজার্তিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সংবাদমেলত মহিলা মৰ্চাৰ সভানেত্রীগৰাকীয়ে সমগ্র নাৰী সমাজলৈ মহিলা দিৱসৰ শুভেচ্ছা জনাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্র দেশত তথা মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত নাৰীসকলে পূর্বতকৈ অধিক সুৰক্ষিত আৰু মৰ্যাদা সহকাৰে এক সুকীয়া জীৱন যাপন কৰিবলৈ সক্ষম হৈছে ।
ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শাসন কালত নাৰীসকলে ভাৰতবৰ্ষৰ অর্থনৈতিক, ৰাজনৈতিক, ক্রীড়া,সাংস্কৃতিক আদি সকলো দিশতে অভূতপূর্ব উত্থান ঘটাইছে । বিহাৰৰ নিৰ্বাচনত নাৰী শক্তিয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ দৰে আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে ১০০ ৰো অধিক আসন লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই তথা নাৰী শক্তিয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ৷
একেদৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র জানকী খাউণ্ডে চৰকাৰে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সাৱলীল পদক্ষেপসমূহৰ বিষয়ে বর্ণনা দি কয় যে, অৰুণোদয় আঁচনি, আইদেউ সন্দিকৈ মহিলা সবলীকৰণ, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেঞ্চন আঁচনি, কনকলতা মহিলা সৱলীকৰণ, ২৮৫ কোটি টকা ব্যয় সাপেক্ষে ছাত্রীক স্কুটি বিতৰণ, উজ্জ্বলা যোজনা আঁচনিৰ অধীনত ৩৬ লাখ মহিলাক ৰন্ধন গেছ যোগান, বেটি বাচাওঁ বেটি পঢ়াওঁ অভিযান আদিৰ দৰে আঁচনিসমূহ কার্যকৰীকৰণ কৰি ভাৰতীয় জনতা পার্টি চৰকাৰে বিধৱা মহিলাকে আদি কৰি সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকলক স্বাৱলম্বীতা তথা উত্তৰণৰ পথ দেখুৱাইছে ।
লগতে পঢ়ক: নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই