গুৱাহাটী, 8 জুন : ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নেতৃত্বত দ্বিতীয় বাৰৰ বাবে বিজেপি শাসিত চৰকাৰখন গঠন হোৱাৰ এটা মাহ সম্পূৰ্ণ নৌ-হওতেই দুৰ্নীতিৰ অভিযোগেৰে দুগৰাকীকৈ মন্ত্ৰীৰ নাম পুনৰ আহিছে সংবাদ শীৰ্ষত ৷ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰাৰ পাচতে মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)ৰ বিৰুদ্ধে কেলেংকাৰীৰ আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে । গুৱাহাটীৰ গেমছ ভিলেজ (Games Village) ৰ ফ্লেট বিক্ৰী কেলেংকাৰীৰ প্ৰসংগক লৈ ইতিমধ্যে মন্ত্ৰী গৰাকীৰ নাম সাঙোৰ খাই পৰিছে ।
প্ৰাপ্ত অভিযোগ অনুসৰি, পূৰ্বৰ চৰকাৰৰ দিনত গেমছ ভিলেজ (Games Village)ৰ ফ্লেট বিক্ৰীৰ বাবে গ্ৰহণ কৰা প্ৰক্ৰিয়া মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে অশোক সিংঘালে (Ashok Singhal) সলনি কৰি কেলেংকাৰী কৰাৰ পথ প্ৰশস্ত কৰিছে । তাৰোপৰি মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)ৰ ক্ষমতাৰ প্ৰভাৱ খটোৱাই প্ৰ'টেক গ্ৰুপে (Protech group) গুৱাহাটী মহানগৰীৰ এটা বৃহৎ এলেকাত কৰিব বিচৰা এক বিশাল নিৰ্মাণকাৰ্যক লৈ মহানগৰীৰ নবীন নগৰ, অনিল নগৰ আৰু তৰুণ নগৰত শংকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
ইফালে শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kisan)ৰ বিৰুদ্ধে । বিভাগটোত ব্যাপক অনিয়মেৰে মন্ত্ৰীগৰাকীৰ অঙহী-বঙহীক চাকৰিত নিযুক্তি দিয়াৰ কথা পোহৰলৈ আনিছে ৰাজীৱ মাঝি নামৰ এজন যুৱকে । সামাজিক মাধ্যমৰ জৰিয়তে যুৱকজনে উল্লেখ কৰিছে কেলেংকাৰীৰ বিভিন্ন তথ্য৷ মন্ত্ৰী কিষাণৰ পৰিয়ালৰ লোকৰ লগতে ১০ গৰাকীকৈ ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ তথ্য সম্বলিত এখন পত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)লৈ প্ৰেৰণ কৰিছে যুৱকজনে ৷
অৱশ্যে মন্ত্ৰী সঞ্জয় কিষাণে (Sanjay Kisan) এই সমগ্ৰ বিষয়টো নস্যাৎ কৰি এয়া চৰকাৰ আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে ৷ যিটো সময়ত ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Srama)ৰ নেতৃত্বত এক নিকা ভাৱমূৰ্তি আৰু সৎ উদ্দেশ্যেৰে ৰাজ্যৰ উন্নয়নৰ বাবে চৰকাৰখনে কাম কৰি যোৱাৰ পণ লৈছে, তেনে সময়ত একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ অভিযোগৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক: কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ