গুৱাহাটী, ৫ ছেপ্টেম্বৰ : পুনৰ মহানগৰীত অঘটন ৷ এইবাৰ মহানগৰীৰ ঘোঁৰামৰাত এগৰাকী বন কৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু । ঘোঁৰামৰাৰ লাৱণ্য পথৰ এটা বাসগৃহত সোমবাৰে উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ (Mysterious death body found in Guwahati) ।
জানিব পৰা মতে, বিগত প্ৰায় ডেৰ বছৰ ধৰি ১৬ বছৰীয়া কিশোৰীগৰাকী কুলদ্বীপ দেৱচৌধুৰী নামৰ লোকজনৰ ঘৰত বন কৰা যুৱতী হিচাবে কৰ্মৰত আছিল ৷ সোমবাৰে কুলদ্বীপ দেৱচৌধুৰীৰ বাসগৃহৰ দ্বিতীয় মহলাত থকা তৰ্জাৰ বেৰৰ এটা কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ কিশোৰীৰ মৃতদেহ । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ইফালে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ (Death body found in Guwahati)৷
তথ্য অনুসৰি, নিহত কিশোৰীগৰাকীৰ ঘৰ কোকৰাঝাৰৰ বগৰীবাৰীত ৷ বনকৰা কিশোৰীগৰাকীৰ পৰিয়ালে লোকে দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ঘৰৰ গৰাকী কুলদ্বীপ চৌধুৰীক আটক কৰিছে ৷ আনকি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তও ৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, নিহত কিশোৰীগৰাকীৰ দেহত স্পষ্ট আছে আঘাতৰ চিন ৷ কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷
লগতে পঢ়ক : ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক