ETV Bharat / state

Biswajit Murder Case : বিশ্বজিতক অপহৰণ কৰি হত্যা কৰা হৈছিল, দুৰ্ভগীয়া পিতৃ-মাতৃৰ সংবাদমেলত প্ৰকাশ

author img

By

Published : Apr 11, 2023, 11:06 AM IST

আৰক্ষীৰ অমনোযোগিতাৰ বাবেই বিশ্বজিতক হেৰুৱালে পিতৃ-মাতৃয়ে । অপহৰণ কৰি হত্যা কৰা বিশ্বজিৎ হাজৰিকাৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ সংবাদমেলত এই অভিযোগ (Biswajit Hazarika murder case Guwahati) । দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বিশ্বজিতৰ পিতৃ-মাতৃৰ ।

Biswajit Murder case
আৰক্ষীৰ অমনোযোগিতাৰ বাবেই বিশ্বজিতক হেৰুৱাৰ অভিযোগ

গুৱাহাটী, ১১ এপ্ৰিল : মহানগৰীৰ মাজমজিয়াৰ পৰা বিগত বৰ্ষৰ ৯ অক্টোবৰৰ দিনা অপহৰণ কৰি নি হত্যা কৰা হৈছিল বিশ্বজিৎ হাজৰিকা নামৰ এগৰাকী যুৱকক (Biswajit Hazarika kidnapped and murder case) । কিন্তু এই বিশ্বজিৎ হাজৰিকাৰ অপহৰণ তথা হত্যাকাণ্ডত আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল প্ৰয়োজনীয় উপযুক্ত ব্যৱস্থা । আৰক্ষী তৎপৰ হ'লে হয়তো বাচি থাকিলহেঁতেন বিশ্বজিৎ । এক সংবাদমেল‌যোগে এই অভিযোগ আনে বিশ্বজিতৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে (Biswajit Hazarika murder case Guwahati) ।

উল্লেখ্য যে, বেলতলাৰ ছাৰ্ভেৰ নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি বিশ্বজিৎ নোহোৱা হোৱাৰ সাত মাহৰ অন্তত এইকাণ্ডৰ মাষ্টাৰ মাইণ্ড অজয় কলিতাসহ আন দোষীক এনকাউণ্টাৰ অথবা ফাঁচি দিয়াৰ দাবী জনায় বিশ্বজিতৰ পিতৃ-মাতৃয়ে (Biswajit Hazarika parents press meet) । লগতে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দুৰ্ভগীয়া পিতৃ-মাতৃহালে ।

তথ্য অনুসৰি, যোৱা ৯ অক্টোবৰত সন্ধানহীন হোৱা বিশ্বজিতক বিচাৰি আৰক্ষীৰ ওচৰ চাপিছিল পিতৃ-মাতৃ । কিন্তু আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবেই আজি বিশ্বজিতক হেৰুৱাবলগীয়া হোৱাৰ গুৰুতৰ অভিযোগ তেওঁলোকৰ (Dispur police alleged in Biswajit murder case) । দিছপুৰ আৰক্ষীয়ে কৰা হেমাহিৰ অভিযোগ তুলি তেওঁলোকে কয়, আৰক্ষীয়ে যদিহে অসমৰ প্ৰায়বোৰ থানাত বিশ্বজিতৰ অপহৰণৰ বাৰ্তা দিছিল, তেন্তে ২৩ অক্টোবৰত হত্যা কৰাৰ পিচত ১ নৱেম্বৰত কিলিং নদীত উদ্ধাৰ হোৱা মৃতদেহৰ কথা দিছপুৰ আৰক্ষীয়ে কিয় তলকিব নোৱাৰিলে ।

ইফালে আৰক্ষীৰ ওচৰ চপাৰ সময়ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাত আত্মহত্যা কৰা বুলি কৈ দায়িত্ব সামৰাৰ উপৰি বিশ্বজিৎ নিজে ক'ৰাবলৈ যোৱা বা ছোৱালী পলুৱাই লৈ যোৱা বুলিও তদন্তৰ পৰা ফালৰি কাটিছিল বুলি অভিযোগ তুলিছে বিশ্বজিতৰ পিতৃ-মাতৃয়ে । ইয়াৰ বিপৰীতে বিশ্বজিতক অপহৰণকাৰীয়ে ধনদাবী কৰা ভিডিঅ' তথা ফোন টেপিং দিয়াৰ পিচতো আৰক্ষীয়ে কৰা হেমহিৰ বাবেই আজি বিশ্বজিতক নাপালে বুলি অভিযোগ তেওঁলোকৰ ।

আনহাতে, আৰক্ষীয়ে সাধাৰণ লোকৰ কথাত গুৰুত্ব নিদিয়ে বুলিও তীব্ৰ ক্ষোভ উজাৰে । উল্লেখ্য যে, দিছপুৰৰ অ'চি, এচিপি, ডিচিপি আদি সকলোৱে তদন্ত চলোৱাৰ নামত কেৱল মিছা আশ্বাস দি বিষয়টো সংবাদ মাধ্যমত নজনাবলৈহে আহ্বান জনোৱাৰ অভিযোগ কৰিছে আৰক্ষীৰ বিৰুদ্ধে । সেয়েহে তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ।

উল্লেখযোগ্য যে, বিশ্বজিৎকাণ্ড সন্দৰ্ভত বৰ্তমানৰ মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পিচতে ঘটনাৰ চাৰি মাহৰ অন্তত যোৱা ১৩ ফেব্ৰুৱাৰীত সকলো কথা পোহৰলৈ আহে । লগতে মূল অভিযুক্ত অজয় কলিতাসহ ছয়জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আনহাতে, অভিযুক্তক এনকাউণ্টাৰ অথবা ফাঁচি নিদিলে ধনৰ লোভত পুনৰ এনে কাণ্ড সংঘটিত কৰি আন পৰিয়ালকো ধ্বংস কৰিব বুলি শংকা বিশ্বজিতৰ পিতৃ-মাতৃৰ ।

সবাতোকৈ ডাঙৰ কথাটো হৈছে, দিনে-নিশাই চকুলো টুকি সময় অতিবাহিত কৰা বৃদ্ধহালে এতিয়া বিশ্বজিতৰ হত্যাকাৰীৰ শাস্তি চাবলৈয়ে বাট চাই ৰৈছে বুলিও সদৰী কৰে ।

লগতে পঢ়ক : Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.