ETV Bharat / state

"মোগলজোট" ৰ প্ৰভাৱঃ সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ বিশেষ তৎপৰতা - Mughaljut effect

বিজেপিৰ এক শীৰ্ষ সুত্ৰই ই টিভি ভাৰতক জানিবলৈ দিয়া মতে, নামনি অসমৰ সংখ্যালঘু অধ্যুষিত ছয়খন জিলাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে দলৰ সংখ্যালঘু মৰ্চাক ৷

Mughaljut effect: BJP seems more active at mulsim dominated area
"মোগলজোট" ৰ প্ৰভাৱঃ সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ বিশেষ তৎপৰতা
author img

By

Published : Oct 23, 2020, 5:56 PM IST

গুৱাহাটী, 23 অক্টোবৰ: কংগ্ৰেছ, এ আই ইউ ডি এফ, গণমৰ্চা, বাওমৰ্চা আদিৰ জোটবন্ধনক বিজেপিয়ে "মোগলজোট" বুলি আখ্যা দি ঠাট্টা-মস্কৰা কৰিলেও বাস্তৱিকতে কিন্তু এই জোটবন্ধনক লৈ চিন্তিত হৈ পৰিছে গেৰুৱা দলটো ৷ কিয়নো সংখ্যালঘু ভোটদাতাৰ মাজত বিজেপিৰ আধিপত্য এনেয়ে নাই ৷ তাতে আকৌ সত্যৰঞ্জন বৰাৰ দৰে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে বিজেপিক অস্বস্তিত পেলাইছে ৷ তাৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত ৷ যাক কেন্দ্ৰ কৰি দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷ এনে সময়তে সংখ্যালঘু অধ্যুষিত সমষ্টি সমূহত দলৰ স্থিতি মজবুত কৰিবলৈ নামি পৰিছে বিজেপি ৷ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ইতিমধ্যে ঘোষণাও কৰিছে যে এইবাৰ কমেও ছয়গৰাকী ধৰ্মীয় সংখ্যালঘু লোকক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত ৷

Mughaljut effect: BJP seems more active at mulsim dominated area
বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খান আৰু দলৰ সভাপতি ৰঞ্জিৎ দাস

বিজেপিৰ এক শীৰ্ষ সুত্ৰই ই টিভি ভাৰতক জানিবলৈ দিয়া মতে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত ছয়খন জিলাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে দলৰ সংখ্যালঘু মৰ্চাক ৷ মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খানক ইয়াৰ বাবে বিশেষভাৱে দায়িত্ব ন্যস্ত কৰা হৈছে । সেই অনুসৰি আগন্তুক এটা সপ্তাহত নামনি অসমৰ ছয়খন জিলাত দহখন সভা অনুষ্ঠিত কৰিব সংখ্যালঘু মৰ্চাই ৷ সমান্তৰালভাবে অনুষ্ঠিত হ'ব জিলা কাৰ্যকৰী সমিতিৰ বৈঠকসমূহ ‌৷ 27 অক্টোবৰত বঙাইগাঁৱত জিলা কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব ৷ তাৰ পিছতেই 28 অক্টোবৰত ধুবুৰীত আৰু 29 অক্টোবৰত ফকিৰগঞ্জত এই বৈঠক অনুষ্ঠিত হ'ব ৷ একেদিনাই সৰভোগতো অনুষ্ঠিত হ'ব বৈঠক ৷ এনেদৰে নামনি অসমৰ সংখ্যালঘু ভোটদাতাৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰি তুলিবলৈ নামি পৰিছে বিজেপি ৷

লগতে পঢ়কঃ মৰাণৰ নাহৰণি পঞ্চায়তত অসম জাতীয় পৰিষদৰ সমিতি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.