ETV Bharat / state

MP Pabitra Margherita: অখিল গগৈৰ ঘনিষ্ঠ কয়লা ব্যৱসায়ীৰ সুৰক্ষা নিশ্চিত কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:26 PM IST

অমৃত কলহ যাত্ৰাৰ পৰা বিজেপি বিধাকৰ গুণ্ডাগিৰিৰ অভিযোগলৈকে সামৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল ৷ অখিল গগৈৰ সংবাদমেল চাই কি অনুভৱ কৰিলে সাংসদগৰাকীয়ে, তাকো ক’লে ৷ অখিল গগৈৰ ঘনিষ্ঠ কয়লা ব্যৱসায়ীৰ সুৰক্ষাৰ প্ৰসংগত কি ক’লে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ?

MP Pabitra Margherita
সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল

গুৱাহাটী, ৯ অক্টোবৰ : বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল । সংবাদমেলত চৰকাৰৰ মোৰ দেশ মোৰ মাটি কাৰ্যসূচীৰ বিষয়ে জনোৱাৰ লগতে শেহতীয়া কেইবাটাও ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়ায় ।

মোৰ দেশ মোৰ মাটি সম্পৰ্কে মন্তব্য আগবঢ়াই পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে ৰাজ্যৰ ২৮ হাজাৰ গাঁৱৰ মানুহে অংশগ্ৰহণ কৰিছে মোৰ দেশ মোৰ মাটি অনুষ্ঠানত । দেশৰ 6 লাখতকৈ বেছি লোক অংশগ্ৰহণ কৰিছে । অসমৰ প্ৰতিখন গাঁৱৰ পৰা দুটাকৈ কলহ সংগ্ৰহ কৰা হৈছে । এটা কলহৰ মাটি দিল্লীত নিৰ্মাণ হ’বলগীয়া অমৃত উদ্যানত আৰু আনটো অমৰ শ্বহীদ কনকলতা স্মাৰক বিশ্ববিদ্যালয়ত দিয়া হ'ব ।

আনহাতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ভাবুকি প্ৰদান কৰি এটা উদ্যোগ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত সোমবাৰে বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে ৷ সাংসদ মাৰ্ঘেৰিটাই কয় যে এই কথা অভিযোগৰ কোনো তথ্য লাভ কৰা নাই । কোনোধৰণৰ বে-আইনী কাম হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাৎক্ষণিকভাবে ব্যৱস্থা ল’ব বুলি কয় পবিত্ৰ মাৰ্ঘৰিটাই ।

সাংসদ মাৰ্ঘেৰিটাই লগতে কয় যে অখিল গগৈৰ নিজৰ চেনেলত তেওঁৰ সংবাদমেলখন ৩০ মিনিট ধৰি চালে ৷ কিন্তু সাম্প্ৰতিক সামাজিক, ৰাজনৈতিক বিষয়ত কোৱাৰ পৰিৱৰ্তে কয়লা ব্যৱসায়ীৰ নামতহে ব্যস্ত হৈ পৰা বুলি ক’লে পবিত্ৰ মাৰ্ঘৰিটাই ৷ তেওঁ কয় যে, যি দলৰে নহওক কিয়, দোষী সাব্যস্ত হ’লে শাস্তি পাবই । উদ্যোগসমূহত অভ্যন্তৰীণ হাই-কাজিয়া থাকিব পাৰে । তাত ৰাজনৈতিকৰণ কৰাটো উচিত নহয় ।

ইফালে লাডাখৰ শেহতীয়া নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে, লাডাখত পূৰ্বতকৈ বিজেপিৰ ফলাফল ভাল হৈছে । ২০১৮ চনত এখন আসন লাভ কৰিছিল, ২৫৮৮ টা ভোট পাইছিল‌ । ২০২৩ চনত দুখন আসন আৰু ১০,৮৪৪ টা ভোট লাভ কৰিছে । গতিকে পূৰ্বতকৈ চাৰিগুণ ভোট বৃদ্ধি পাইছে । লাডাখত ১২ শতাংশ হিন্দু আৰু অন্য ধৰ্মৰ ৮৮ শতাংশ লোক আছে বুলি উল্লেখ কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে ইয়াৰ পাছতো তেওঁলোকৰ ফলাফল যথেষ্ট ভাল হৈছে ৷

লগতে পঢ়ক: Industrialists Letter to CM Himanta: বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত কি আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.