ETV Bharat / state

MP Gaurav Gogoi attacks BJP: অসমীয়াই কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰে, সাংসদ গৌৰৱ গগৈ

author img

By

Published : Aug 21, 2023, 5:03 PM IST

‘‘ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ আমি অসমীয়া, কেতিয়াও জ্যেষ্ঠ জনক অপমান নকৰোঁ ৷’’ ৰাজীৱ ভৱনত সম্বৰ্ধনা গ্ৰহণ কৰি গৌৰৱে কলে ‘‘7 মাহৰ পাচত নিৰ্বাচন ৷ অসমত বিজেপি দল বিজেপি হৈ থকা নাই ৷ ’’

MP Gaurav Gogoi attacks BJP
অসমীয়াই কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰে

অসমীয়াই কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰে

গুৱাহাটী,21 আগষ্ট: সোমবাৰে গুৱাহাটী ৰাজীৱ ভৱনত সংবাদমেল পাতি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ‘‘বৰ্তমান অসমত বিজেপি দল বিজেপি দল হৈ থকা নাই ৷ বিজেপি হ’ল বিশ্ব জনতা পাৰ্টি ৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা জনতা পাৰ্টি হিচাপে পৰিগণিত হৈছে অসম বিজেপি ৷ আমাৰ দুখ লাগে,যেতিয়া জ্যেষ্ঠজনক অসন্মান কৰে ৷ আমি অসমীয়াই কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰোঁ ৷ দলীয় আদৰ্শ যদিও পৃথক তথাপিও আমাৰ বেয়া লাগিছে’’ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

সোমবাৰে ৰাজীৱ ভৱনত সম্বৰ্ধনা গ্ৰহণ কৰি গৌৰৱ গগৈয়ে আৰু কয় যে, দলে মোক যি দায়িত্ব অৰ্পণ কৰিছে তাৰ বাবে কংগ্ৰেছ নেতৃত্বক কৃতজ্ঞতা জনাইছে ৷ আজি মই যি পৰ্যায় পাইছো এই যাত্ৰাত প্ৰথমে মোক মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কংগ্ৰেছৰ মূল্য, আদৰ্শ , ইতিহাস আৰু অসমৰ উন্নয়ণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকাৰ সন্দৰ্ভত শিকাই গৈছে । এই ক্ষেত্ৰত দলীয় কৰ্মীৰ লগতে কলিয়াবৰ সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জনাইছে ।

তেওঁ লগতে আৰু কয় ‘‘এই সময়ত মোৰ বাবে গুৰুত্বপূৰ্ণ দায়িত্ব আহি পৰিছে ৷ ৭ মাহ পিচত নিৰ্বাচন, ইতিমধ্যে বিজেপি চৰকাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ বিচাৰিছে । মূল্যবৃদ্ধি, বিভাজনৰ ৰাজনীতি, নিৱনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে দেশত ৷ সেয়ে জাতি মাটি ভেটিৰ কথা কৈ প্ৰতাৰণা কৰা বিজেপি চৰকাৰক এইবাৰ জনসাধাৰনে গাদীৰ পৰা আঁতৰাব ৷’’

সোমবাৰৰ অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কেইবাগৰাকী প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰী, বিধায়কে ধৰি অসম প্ৰদেশ কংগ্ৰছৰ নেতৃবৰ্গৰ লগতে দলীয় কৰ্মীসকল ৷

লগতে পঢ়ক:Gaurav Gogoi slams BJP: কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণে দেখা দিছে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.