ETV Bharat / state

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ - গৌৰৱ গগৈ

ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে চন্দ্ৰপুৰত সত্যাগ্ৰহ ৷ অংশগ্ৰহণ কৰিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী অকন বৰা আৰু যুৱ কংগ্ৰেছৰ নেতা মানস বৰাই ।

MP Gaurav Gogoi protesting against dumping ground in chandrapur
চন্দ্ৰপুৰৰ ড্ৰাম্পিং গ্ৰাউণ্ড বিৰুদ্ধে প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ
author img

By

Published : Jul 16, 2021, 10:58 PM IST

গুৱাহাটী, 16 জুলাই : ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে চন্দ্ৰপুৰবাসীয়ে ৷ স্পষ্ট মত চন্দ্ৰপুৰবাসীয়ে কেতিয়াও চন্দ্ৰপুৰত স্থাপন হ'বলৈ নিদিয়ে ডাম্পিং গ্ৰাউণ্ড ৷ সেই অনুসৰিয়ে শুকুৰবাৰে চন্দ্ৰপুৰৰ সূতাকল খেলপথাৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে শতাধিক ৰাইজে ৷

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ

এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লেকাৰ্ড লৈ শতাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ তথা GMD ৰ বিৰুদ্ধে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰে ৷ এই কাৰ্যসূচীৰ পাচতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈকে উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল ৷ সমদলৰ সময়তে চৰকাৰৰ তথা GMD বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে ৷

ইফালে, প্ৰতিবাদস্থলীত শুকুৰবাৰে উপস্থিত হয় কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী অকন বৰা আৰু যুৱ কংগ্ৰেছৰ নেতা মানস বৰা । প্ৰতিবাদত অংশ লৈ গৌৰৱ গগৈয়ে কয়, "ৰাজনীতি কৰিবলৈ নহয়, ৰাইজৰ অনুমতি সাপেক্ষেহে ৰাইজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা হৈছে ৷ লগতে প্ৰতিবাদস্থলীত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ গৰাকী ৷"

ৰাইজৰ কথা শুনাৰ বিপৰীতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক বৰ্বৰভাৱে প্ৰহাৰ কৰা চৰকাৰক ধিক্কাৰ দিয়ে সাংসদ গৰাকীয়ে ৷ সাংসদ গৌৰৱ গগৈয়ে কয়, চন্দ্ৰপুৰৰ প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত চন্দ্ৰপুৰৰ পৰিৱৰ্তে আন কোনো স্থানত বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাষণৰ ব্যৱস্থা কৰিব লাগে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষীৰ আক্ৰমণত আহত যুৱকৰ ঘৰে ঘৰে গৈ খবৰ লয় সাংসদ গৰাকীয়ে ৷

অন্যহাতে, সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলেও । প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে আহত প্ৰতিবাদকাৰীৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ লয় আছু নেতা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে।

লগতে পঢ়ক: মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.