গুৱাহাটী, ২৯ জুলাই: অসমত আম আদমী পাৰ্টী চমুকৈ 'আপ'ৰ নেতৃত্ব সলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমত আপৰ নেতৃত্ব বহন কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে আপৰ কেন্দ্ৰীয় নেতৃত্বই সাংসদগৰাকীক আপত যোগদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ।
উল্লেখ্য যে টেলিফোনিক বাৰ্তালাপৰ পাচত শনিবাৰে দিল্লীত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে সাংসদ অজিত কুমাৰ ভূঞাই । তাৰ পাচতেই এই বিষয়টো বিশেষভাৱে চৰ্চালৈ আহিছে । তেনেস্থলত সাংবাদিকতাৰ পৰা সক্ৰিয় ৰাজনীতিলৈ অহা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এইবাৰ নতুন ৰূপত ৰাজনৈতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমতো বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ১২ টাকৈ ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে । গঠন হৈছে বিৰোধী ঐক্য মঞ্চ । এই বিৰোধী ঐক্যমঞ্চত আছে আঞ্চলিক গণ মৰ্চা । আনহাতে এই আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বত আছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ।
সেইদৰে আপো (AAP) বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দল । বিজেপি বিৰোধী প্ৰৱল ঢৌৰ মাজতে বিৰোধীৰ উমৈহতীয়া পাৰ্থী হিচাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । সাংসদ ভূঞাই অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত আছিল আপৰ সাংসদ ৰাঘৱ চাড্ডা ।
লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বেও অজিত কুমাৰ ভূঞাই সাংসদ ৰাঘৱ চাড্ডাক সাক্ষাৎ কৰিছিল । জানিব পৰা মতে এই সাক্ষাতকালক আপৰ তৰফৰ পৰা সাংসদগৰাকীক আপৰ অসমৰ নেতৃত্ব লোৱাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । দলৰ অসমৰ সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি শীঘ্ৰেই সাংসদ অজিত কুমাৰ ভূঞাই আপত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে ।
ইতিমধ্যে সাংসদ ভূঞাই অৰবিন্দ কেজৰিৱাল আৰু ৰাঘৱ চাড্ডাক সাক্ষাৎ কৰাৰ ফটো ৰাজহুৱা হৈছে । উল্লেখ্য যে ২০২০ চনৰ ১৮ মাৰ্চত ৰাজ্যসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱা অজিত কুমাৰ ভূঞাই নিজে মুখ্য আহ্বায়ক হিচাবে ৰাজ্যৰ ৰাজনীতিত ২০২০ চনৰ জুন মাহত আঞ্চলিক গণ মৰ্চা নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছিল । এতিয়া তেওঁ অসমত আপক নেতৃত্ব দিব বুলি ওলোৱা খবৰে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক: BJP National Secretary: সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব