ETV Bharat / state

আই আই টি গুৱাহাটীত স্থাপন হ’ব অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

author img

By

Published : May 20, 2022, 6:14 PM IST

অসম চৰকাৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাজত শুকুৰবাৰে স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি (MoU between IIT Guwahati and Assam govt)। এই চুক্তিৰ জৰিয়তে আই আই টি গুৱাহাটী চৌহদত স্থাপন কৰা হ’ব এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল ৷

MoU between IIT Guwahati and Assam govt
আই আই টি গুৱাহাটীত স্থাপন হ’ব অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

গুৱাহাটী, 20 মে’: আই আই টি গুৱাহাটী চৌহদত এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাজত শুকুৰবাৰে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (super specialty hospital at IIT Guwahati campus)। আই আই টি গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (MoU between IIT Guwahati and Assam govt)।

কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ড৹ সুভাষ সৰকাৰ, ৰাজকুমাৰ ৰঞ্জন সিং, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা আৰু ছিকিম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কে এল ভুটীয়াৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীথাৰামৰ মাজত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয় ।

উক্ত চিকিৎসালয় তথা গৱেষণা প্ৰকল্পৰ ৰূপায়ণে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ দৃশ্যপট বহুখিনি শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । অসম চৰকাৰে এই প্ৰকল্পত মুঠ ৫৪৬ কোটি টকাৰ অনুমোদন জনাইছে । আনহাতে প্ৰকল্পৰ বাবে আই আই টি গুৱাহাটীয়ে ৫৪ বিঘা মাটিৰ অনুমোদন জনাইছে । উল্লেখ্য যে, সংযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতালত মেডিকেল আৰু ইঞ্জিয়াৰিঙৰ স্নাতক, স্নাতকোত্তৰ, পি এইচ ডিৰ ডিগ্ৰীৰ ব্যৱস্থা থাকিব ।

লগতে Artificial intelligence, Tele health, Remote monitoring, Wearable Electronic আৰু Robotic surgery ৰ ব্যৱস্থা উপলব্ধ থাকিব । উল্লেখ্য যে, সংযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ বাবে যোৱা ৭ মে'ত ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক: Arunachal Pradesh: চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.