ETV Bharat / state

আই আই টি গুৱাহাটী আৰু উত্তৰ-পূব স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ মাজত বুজাবুজি চুক্তি

author img

By

Published : Jul 3, 2021, 6:21 PM IST

আই আই টি গুৱাহাটী আৰু উত্তৰ-পূব স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ মাজত বুজাবুজি চুক্তি ৷ দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে উত্তৰ পূৰ্বাঞ্চলৰ বানপানী, ভূমিকম্প, ভূমিস্খন তথা গৰাখহনীয়া সন্দৰ্ভত অধ্যয়ন কৰি সমাধানসূত্রৰ বাবে যৌথভাৱে কাম কৰিব ।

MoU
IIT গুৱাহাটী আৰু NESAC ৰ মাজত বুজাবুজি চুক্তি

গুৱাহাটী, ৩ জুন : উত্তৰ পূৰ্বাঞ্চলৰ বানপানী, ভূমিকম্প, ভূমিস্খলন তথা গৰাখহনীয়া সন্দৰ্ভত বিশদ অধ্যয়নৰ বাবে আই আই টি গুৱাহাটী (IIT Guwahati) আৰু মেঘালয়ৰ উত্তৰ-পূব স্পেচ এপ্লিকেশ্যন চেণ্টাৰে (North Eastern Space Application Centre) যৌথভাৱে উদ্যোগ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত দুয়োটা প্ৰতিষ্ঠানৰ মাজত বুজাবুজিৰ চুক্তি সাক্ষৰিত হৈছে । এই চুক্তিৰ যোগেদি প্ৰতিষ্ঠান দুয়োটাই যৌথ সহযোগত আন বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰিছে ।

বিশেষকৈ ইণ্টাৰ্ণশ্বিপ প্ৰ’গ্ৰাম (Internship Program), যৌথ ডিগ্ৰী প্ৰ’গ্ৰাম, হৰ্ষম্যাদী প্ৰশিক্ষণ কৰ্মসূচী, শিক্ষাৰ্থীৰ মাজত মত-বিনিময় অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে ৰূপ‍ায়ণ কৰিব । এই সন্দৰ্ভত আই আই টি গুৱাহাটী (IIT Guwahati)ৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে কয়- 'এই বুজাবুজিৰ যোগেদি দুয়োটা প্ৰতিষ্ঠানে এটা আনটোৰ পৰিপূৰক হিচাপে যৌথভাৱে কাম কৰিব । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৱেষণা, উদ্ভাৱন তথা সক্ষমতা বিকাশৰ ক্ষেত্রত দুয়োটা প্ৰতিষ্ঠানে ঐক্যবদ্ধভাৱে আগুৱাই যাব।'

তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন এলেকা বানপানী (Flood), ভূমিকম্প (Earthquake), ভূমিস্খলন (Landslide) তথা গৰাখহনীয়াৰ (Erosion) দৰে দুৰ্যোগৰ দ্বাৰা বিপৰ্যস্ত হৈ আহিছে । তদুপৰি বিকাশৰ ক্ষেত্রত এই দুৰ্যোগ বাধা হিচাপে থিয় দিব পাৰে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ আন আন প্ৰতিষ্ঠানসমূহো এইক্ষেত্রত দিশ নিৰ্ণয়ৰ বাবে আগবাঢ়ি অহাৰ প্ৰয়োজন আছে । য‍াতে যৌথ সহযোগত এই প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিব পৰা যায় । আনহাতে, মেঘালয়ৰ উত্তৰ-পূব স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক (North Eastern Space Application Centre Director) ড০ পি এল এন ৰাজুৱে কয় যে এই বুজাবুজিৰ চুক্তিৰ যোগেদি প্ৰশিক্ষণ, শিক্ষা আৰু গৱেষণাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব । যাতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উপকৃত হয় । উল্লেখ যে আই আই টি গুৱাহাটীয়ে (IIT Guwahati) দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ অনুসৰি এটা নতুন দুৰ্যোগ ব্যৱস্থাপনা আৰু গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছে ।

ইফালে ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে ভূমিস্খলনকে ধৰি আন দুৰ্যোগৰ ক্ষেত্রত পৰ্যবেক্ষণ কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ASDMA) ব্যৱহাৰ কৰিব ড্রোণ । জানিব পৰা মতে এ এছ ডি এম এ-ক পাঁচ খন ড্রোণ (Drone) ক্রয়ৰ বাবে বিত্ত বিভাগে অনুমোদন দিছে । ৰাজ্যৰ বান-খহনীয়া পৰ্যবেক্ষণ কৰাৰ লগতে মহানগৰীৰ ভূমিস্খলন নিৰীক্ষণ কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব ড্ৰোণ ।

লগতে পঢ়ক :ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.