ETV Bharat / state

Record sale of Liquor in Assam: ফাকুৱাৰ দুদিনত সমগ্ৰ অসমত ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰীৰ অভিলেখ - Holi festival

ৰঙৰ উৎসৱ ফাকুৱাত ৰাঙলী হ'ল ৰাজ্য় । এই আনন্দৰ মাজতেই ৰাজ্যত বিক্ৰী হ'ল অভিলেখ পৰিমাণৰ সুৰা । ৰাজ্য়ৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীত দুদিনত বিক্ৰী হৈছে ৫.১৮ কোটি টকাৰ সুৰা (Record Sale Of Liquor In Guwahati during Holi)।

Record Sale Of Liquor In Assam during Daul
ৰাজ্যত বিক্ৰী অভিলেখ পৰিমাণৰ সুৰা
author img

By

Published : Mar 9, 2023, 7:03 PM IST

Updated : Mar 9, 2023, 7:22 PM IST

গুৱাহাটী, ৯ মাৰ্চ: ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱা উলহ-মালহেৰে উদযাপন কৰা হয় । মঙলবাৰ আৰু বুধবাৰ এই দুদিন ৰাজ্যবাসী ৰঙৰ উৎসৱত মতলীয়া হৈ পৰাৰ সময়তে ৰাজ্যত বিক্ৰী হ'ল অভিলেখ পৰিমাণৰ সুৰা । একাংশই ৰঙীণ পানীয়ৰ সৈতে ৰঙৰ উৎসৱটো উপভোগ কৰে । ফাকুৱাৰ দুদিনত ৰাজ্যত ১০.৬২ কোটি টকাৰ সুৰা বিক্ৰী হয় । ইয়াৰে মঙলবাৰে ৯.৫৮ কোটি টকাৰ আৰু বুধবাৰে ১.৪ কোটি টকাৰ সুৰা বিক্ৰী হৈছে (Record Sale Of Liquor In Assam during Daul)। অৱশ্যে এই পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে দুদিনত বিক্ৰী হয় ৫.১৮ কোটি টকাৰ সুৰা ।

উল্লেখ্য় যে, উৎসৱ-পাৰ্বন আদিৰ সময়ত ৰাজ্যখনত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয় (Sales of record quantity of alcohol in Assam)। বিশেষকৈ গুৱাহাটী মহানগৰী একপ্ৰকাৰে সুৰাৰ বন্যাত উটি-ভাহি যায় । দীপাৱলীৰ সময়টো দুটা দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হৈছিল প্ৰায় ছয় কোটি টকাৰ সুৰা । সেইদৰে দুৰ্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে গঢ়িছিল অভিলেখ । দুৰ্গা পূজাত কেৱল গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । অনুৰূপ ধৰণে বিশ্বকৰ্মা পূজাতো গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা ।

লক্ষ্যনীয় বিষয় যে, প্ৰত্যেক বছৰেই সুৰাৰ বিক্ৰী তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে । নৱবৰ্ষ, দুৰ্গা পূজা, বিহু, ফাকুৱা আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । সুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভাল নে বেয়া সেয়া ৰাইজে বিবেচনা কৰিব । ইফালে, ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ শ শ সুৰা বিপনীৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে (Assam govt liquor policy) ।

ৰাজ্য়ত বিভিন্ন দল-সংগঠনৰ প্ৰৱল বিৰোধিতা সত্বেও চৰকাৰে কেইবাখনো জিলাত শ শ সুৰা বিপনীৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে । ইয়াৰ দ্বাৰা বছৰি আবকাৰী ৰাজহৰ পৰিমাণ তিনি হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । নতুনকৈ সুৰাৰ বিপণী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক:WHO Fires Director in Asia : বৰ্ণবাদী অসদাচৰণৰ অভিযোগত বিশ্ব স্বাস্থ্য সংস্থাৰ এছিয়াৰ সঞ্চালকক বৰ্খাস্ত

Last Updated : Mar 9, 2023, 7:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.