গুৱাহাটী, 12 মে': ৰাজ্যৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে । এই নতুন নীতি-নিৰ্দেশনাসমূহ কেৱল চহৰ আৰু নগৰ অঞ্চলতহে প্ৰযোজ্য হ'ব । বৃহস্পতিবাৰৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা ।
সেই অনুসৰি-
- বৃহস্পতিবাৰৰ পৰা চহৰ আৰু নগৰ সমিতি এলেকাৰ 5 কিলোমিটাৰ দূৰত্বলৈ থকা সকলো দোকান পোহাৰ দিনৰ 1বজাত বন্ধ কৰিব লাগিব
- এই অঞ্চলসমূহত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজহুৱা স্থানত সকলো লোকৰ চলাফুৰা নিষিদ্ধ কৰা হৈছে
- গ্ৰামাঞ্চলত দিনৰ 2 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব
- সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সেই অঞ্চলত সান্ধ্যআইন বলবৎ থাকিব
- ৰেষ্টুৰেন্ট, ধাবা, হোটেল আদিয়ে দিনৰ 1 বজালৈকে গ্ৰাহকক খাদ্য যোগান ধৰিব পাৰিব
- সকলো সাপ্তাহিক হাট বজাৰ আগন্তুক 15 দিনৰ বাবে বন্ধ ঘোষণা
- সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ শ্ৰেণী অগন্তুক 15 দিনলৈ বন্ধ থকাৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা
- 5 শতাংশতকৈ অধিক ক'ভিড চিনাক্ত ৰোগী থকা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হ'ব ।
- বিবাহ অনুষ্ঠান নিজৰ ঘৰৰ ভিতৰত 10 জন লোকৰ উপস্থিতিতহে সম্পন্ন কৰিব পাৰিব
- অন্তেষ্টিক্ৰিয়াতো উপস্থিত থাকিব পাৰিব 10 জন লোক
- সকলো ধৰ্মীয় প্ৰতিষ্ঠান 15 দিনলৈ বন্ধ ঘোষণা
- সকলো ৰাজহুৱা বাহনে কঢ়িয়াব পাৰিব 30 শতাংশ যাত্ৰী
- অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সীত চালকসহ তিনিজন লোকহে যাব পাৰিব ৷ মহিলা আৰু শিশুৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা
- চৰকাৰী বাহনৰ বাহিৰে সকলো যান-বাহন বৃহস্পতিবাৰৰ পৰা কেৱল যুগ্ম অযুগ্ম নম্বৰৰ ভিত্তিত চলাচল কৰিব পাৰিব
লগতে পঢ়ক: ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া