ETV Bharat / state

মহানগৰীত শিশু নিৰ্যাতনঃ গ্ৰেপ্তাৰ এক

author img

By

Published : Dec 29, 2019, 6:03 PM IST

মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা ৷ আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে নিৰঞ্জন কলিতা নামৰ এজন ব্যক্তিক ৷

গ্ৰেপ্তাৰ এক
মহানগৰীত শিশু নিৰ্যাতন

গুৱাহাটী,29 ডিচেম্বৰঃ দেওবাৰৰ দিনটোত মহানগৰীত পোহৰলৈ আহিল শিশু নিৰ্যাতনৰ ঘটনা ৷ মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনাতো সংঘটিত হয় মহানগৰীৰ ভৰলুমুখত ৷ দুগৰাকীকৈ কণমানিক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী হ’ল নিৰঞ্জন কলিতা নামৰ এজন ব্যক্তি ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ৯ বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই লম্পটজনে ৷ পিছত শিশুটিয়ে মাতৃৰ আগত ব্যক্ত কৰে এই কু-কৰ্মৰ কথা ৷

কোনো নথকাৰ সুযোগত শিশু নিৰ্যাতন

ইফালে এই ঘটনাৰ পিছতে পোহৰলৈ আহে নিৰঞ্জন কলিতাৰ আন এক কাণ্ড ৷ বিগত কেইবামাহ ধৰি অন্য এটি পাঁচ বছৰীয়া কণমানিক যৌন আতিশয্য চলাই আহিছিল লম্পটটোৱে । শনিবাৰে ঘটনা সন্দৰ্ভত দুয়োটা পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে পক্স’ আইনৰ অধীনত ৮৩৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে লম্পটটোক ৷ ইপিনে অভিযুক্ত কলিতাক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে কণমানি দুগৰাকীৰ পৰিয়ালে । উল্লেখ্য যে, নিৰঞ্জন কলিতাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল শিশু দুগৰাকীৰ পৰিয়াল ৷

লগতে চাওকঃবস্তা বাবাই ইচ্ছা কৰিলে সকলো সম্ভৱ !

Intro:মহানগৰীত পুণৰ সভ্য সমাজক লজ্জাজনত কৰা ঘটনা। দুগৰাকীকৈ কণমানিক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী হ'ল এগৰাকী ব্যক্তি। মহানগৰীৰ ভৰলুমুখৰ নিৰঞ্জন কলিতা নামৰ এইগৰাকী ব্যক্তিৰ কাণ্ডৰ কথা শুনিলে চকু কপালত উঠিব আপোনালোকৰো। নষ্ট চৰিত্ৰৰ এইগৰাকী ব্যক্তিয়ে সৰ্বনাশ কৰিলে নিজৰে ঘৰতে ভাড়াতীয়া হিচাপে থকা দুটাকৈ শিশুৰ। প্ৰথমে ৯বছৰীয়া এটা কণমানিক ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই। পিছত কণমানিগৰাকীয়ে মাতৃৰ আগত ব্যক্ত কৰে ব্যক্তিগৰাকীৰ কুকৰ্মৰ কথা। ইফালে এই ঘটনাৰ পিছতে পোহৰলৈ আহে নিকৃষ্ট মানসিকতাৰ নিৰঞ্জন কলিতাৰ আন এক কাণ্ড। বিগত কেইবামাহ ধৰি আন এটা পাঁচ বছৰীয়া কণমানিক যৌন আতিশয্য চলাই আহিছিল লম্পটটোৱে। শণিবাৰে ঘটনা সন্দৰ্ভত দুয়োটা পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত POCSO আইনৰ অধীনত ৮৩৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে লম্পট নিৰঞ্জন কলিতাক। অভিযুক্ত নিৰঞ্জন কলিতাক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী তুলিছে কণমানি দুগৰাকীৰ পৰিয়ালে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.