ETV Bharat / state

শাসক-বিৰোধী দুয়োপক্ষৰ বিধায়কৰ বাবে আইন বেলেগ কিয়: প্ৰশ্ন শ্বেৰমান আলীৰ

author img

By

Published : Jun 12, 2022, 10:27 PM IST

ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বীট দিয়া প্ৰসংগত বিধায়ক শ্বেৰমান আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘একেই বিধায়ক পুঁজিৰ সন্দৰ্ভত মোক গ্ৰেপ্তাৰ কৰা হৈছিল, আদালতত মোৰ জামিন নাকচ কৰা হৈছিল । একেটা অভিযোগত মই জে’লত থাকিবলগীয়া হৈছিল (MLA Sherman Ali in Jail)’’।

MLA Sherman Ali in Jail
MLA Sherman Ali in Jail

গুৱাহাটী, ১২ জুন : মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বীট দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শ্বেৰমান আলিয়ে । বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘একেই বিধায়ক পুঁজিৰ সন্দৰ্ভত মোক গ্ৰেপ্তাৰ কৰা হৈছিল, আদালতত মোৰ জামিন নাকচ কৰা হৈছিল । একেটা অভিযোগত মই জে’লত থাকিবলগীয়া হৈছিল (MLA Sherman Ali in Jail)’’।

মুখ্যমন্ত্ৰীৰ এয়া কি নীতি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, বিধায়ক ৰূপজ্যোতি যি কাৰণে নিৰ্দোষী ময়ো একে কাৰণতে নিৰ্দোষী । শাসকীয় পক্ষৰ বিধায়ক আৰু বিৰোধী বিধায়কৰ বাবে আইন কিয় বেলেগ বেলেগ হয় বুলি প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে ।

শাসক-বিৰোধী দুয়োপক্ষৰ বিধায়কৰ বাবে আইন বেলেগ কিয়

আনহাতে, শ্বেৰমান আলিক মুখ্যমন্ত্ৰীৰ এজেন্ট বুলি কোৱাক লৈ ভূপেন বৰা(APCC president Bhupen Bora) আৰু আব্দুল খালেকক লৈ মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মোক দোষাৰোপ কৰিবলৈ বাদ দিয়ক । আক্ৰোশমূলকভাৱে মুখ্যমন্ত্ৰীয়ে মোক গ্ৰেপ্তাৰ কৰি ২০ দিন জে’লত ৰাখিলে । কংগ্ৰেছত যিসকলে মোক বিজেপিৰ এজেণ্ট বুলি কয়, তাৰেই এজন মুখ্যমন্ত্ৰীৰ এজেণ্ট । সংখ্যালঘূৰ অঞ্চলত কংগ্ৰেছ শূন্য কৰিবলৈ ভূপেন বৰাই কাম কৰি আছে’’৷

দেৱব্ৰত শইকীয়াৰ ওপৰত CBI গোচৰ থকাৰ(CBI against Debabrat Saikia) পাছতো কিয় গ্ৰেপ্তাৰ নহয় বুলিও প্ৰশ্ন কৰে শ্বেৰমান আলিয়ে ৷ আনহাতে ৰকিবুল হুছেইনৰ অগাধ সম্পত্তিৰ ওপৰত ৰুজু হোৱা গোচৰৰ আজিলৈ কিয় কোনো তদন্ত নহ'ল বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে বিধায়কগৰাকীয়ে ।

পিভিলিয়াছ কমিটিৰ বৈঠক সম্পৰ্কেও তেওঁ কয় যে, ৰাজ্যসভা নিৰ্বাচনৰ সময়ত উত্থাপিত হোৱা বিশেষ অধিকাৰ ভংগৰ অভিযোগৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ’ব । উক্ত বৈঠকত মুখ্যমন্ত্ৰীৰ ঘৰলৈ AIUDF নেতৃত্ব যোৱা প্ৰসংগত সিদ্ধান্ত ল’ব । AIUDF দলৰ কোনো নেতা মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱাৰ প্ৰমাণ দিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । যদি সেই প্ৰমাণ দিব নোৱাৰে, তেন্তে অভিযোগকাৰীৰ বিৰুদ্ধে তদন্ত হ’ব লাগিব বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক: দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.