ETV Bharat / state

ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ - Rupjyoti Kurmi criticises Bhupen Bora

ভূপেন বৰাক অকৰ্মণ্য-অলগৰ্দ্ধ আৰু অপকাৰী আখ্যা দিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক কুৰ্মীৰ মতে এ আই ইউ ডি এফ প্ৰধান বিৰোধী দল হ'বলৈ গৈ আছে ৷ ভূপেন বৰাক ৰাজনীতি ত্যাগ কৰি সন্যাস ল'বলৈও আহ্বান জনালে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi criticises Bhupen Bora)।

Rupjyoti Kurmi criticises Bhupen Bora
ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
author img

By

Published : Apr 2, 2022, 4:46 PM IST

গুৱাহাটী, ২ এপ্ৰিল: অব্যাহত আছে ৰ‍াজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ । এইবাৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । শনিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ ভূপেন বৰাক অকৰ্মণ্য-অলগৰ্দ্ধ আৰু অপকাৰী আখ্যা দিয়ে কয় যে তেনে এজন লোক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছে ।

ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

কংগ্ৰেছ দলটো নিঃশেষ হৈ যাব বুলি সদৰি কৰি তেওঁ ভূপেন বৰাক ৰাজনীতি ত্যাগ কৰি সন্যাস ল'বৰ বাবে আহ্বান জনায় (Rupjyoti Kurmi criticises Bhupen Bora)। তেওঁ লগতে কয় যে গণতন্ত্ৰত বিৰোধীৰ খুবেই প্ৰয়োজন । বিৰোধীৰ শক্তিশালী ভূমিকাই চৰকাৰক বহুক্ষেত্ৰত নিয়ন্ত্ৰণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক অসমৰ ৰাইজে আঁকোৱালি লৈছে বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে প্ৰধান বিৰোধী দলৰ ভূমিকা পালন কৰা কংগ্ৰেছ দলটো নিঃশেষ হোৱাৰ উপক্ৰম হৈছে । কংগ্ৰেছৰ এনে দুৰ্দশাত এ আই ইউ ডি এফ প্ৰধান বিৰোধী দল হ'বলৈ গৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজে এয়া কেতিয়াও কল্পনা কৰা নাছিল । কংগ্ৰেছ দলটো ইতিহাসত লিপিবদ্ধ হৈ থকাটো আমি নিবিচাৰো বুলি তেওঁ কয় ।

লগতে পঢ়ক: পুনৰ কবিতা লৈ আহিছে ভূপেন বৰা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.