ETV Bharat / state

Assam govt recruitment: অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ মনোৰঞ্জন তালুকদাৰৰ - Assam direct recruitment overlapping

মঙলবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar PC) । সংবাদমেলত অসম চৰকাৰৰ নিযুক্তি সন্দৰ্ভত তালুকদাৰে উত্থাপন কৰে কেতবোৰ বিস্ফোৰক তথ্য । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৫১ হাজাৰ পদত নিযুক্তিদিয়াৰ কথা কৈ ৰাইজক চূড়ান্ত প্ৰতাৰণ কৰা বুলি উল্লেখ কৰে তালুকদাৰে ।

MLA Manoranjan Talukdar on assam govt recruitment
বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সংবাদমেল
author img

By

Published : May 9, 2023, 10:56 PM IST

Updated : May 10, 2023, 6:21 AM IST

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সংবাদমেল

গুৱাহাটী, ৯ মে': মঙলবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar PC) । সংবাদমেলত তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৫১ হাজাৰ পদত নিযুক্তি দিয়াৰ কথা কৈ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰে বিধায়ক তালুকদাৰে (MLA Manoranjan Talukdar on assam govt recruitment) ।

তেওঁ কয় যে, শেহতীয়াকৈ ৫১ হাজাৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বিভাগ বিতৰণত এগৰাকী প্ৰাৰ্থী বহু পদত নিৰ্বাচিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । তদুপৰি চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি বাবে ঘোষণা ফলাফলত উত্তীৰ্ণ হৈছে আদি তথ্য ঘোষণা নকৰাৰ বাবেই স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অ'ভাৰ লেপিঙৰ সমস্যাটো উৰুৱাই দিব বিচাৰিছে কিন্তু ৫১ হাজাত পদৰ কেৱল প্ৰায় ২৫ হাজাৰ মানহে পদ পূৰণ হ'ব বুলি উল্লেখ কৰি তালুকদাৰে কয় যে, ইয়াৰ বাবে চৰকাৰ জগৰীয়া (Overlapping in Assam recruitment) । কেৱল বাহ বাহ লোৱাৰ স্বাৰ্থতে এই সূক্ষ্ম অথচ গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰে মনোনিৱেশ নকৰিলে আৰু যুৱক-যুৱতীসকলে দুৰ্ভোগ ভুগিব লগাত পৰিছে ।

দূৰদষ্টি আৰু সঠিক পৰিকল্পনাৰ অভাৱৰ ফলতেই আজি এনে সমস্যাৰ উদ্ভৱ হৈছে উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, এনে প্ৰেক্ষাপটত যুৱক-যুৱতীয়ে waiting list দাবী কৰিছে । কিন্তু মুখ্যমন্ত্ৰীয়ে waiting list প্ৰস্তুত কৰাৰ ক্ষেত্ৰত FRBM ACT ৰ বাধা আছে বুলি উল্লেখ কৰিছে । লগতে তেওঁ কয় যে, ন্যায় প্ৰদান কৰাৰ স্বাৰ্থত চৰকাৰে প্ৰয়োজনতহে FRBM ACT সংশোধন কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি পৰিলক্ষিত হৈছে (Assam direct recruitment overlapping) ।

অসম চৰকাৰৰ The Assam direct recruitment of class III and class IV analogous post rules 2022 ৰ মতে ১২ নং অনুচ্ছেদৰ ৩ নং দফাত স্পষ্টকৈ উল্লেখ আছে যে, বিজ্ঞাপন দিয়া পদসমূহ পূৰ্ণ নহলে পৰৱৰ্তী তালিকাৰ ব্যৱস্থা কৰিব পাৰিব । সেয়ে অতি শীঘ্ৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱক যুৱতীৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী তালিকা প্ৰস্তুত কৰি খালী ৰৈ যোৱা পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

লগতে পঢ়ক: Assam Industry Department MoU: অসমৰ ঔদ্যোগিক খণ্ডত ব্যক্তিগত কোম্পানীৰ ৮ হাজাৰ কোটিৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ

Last Updated : May 10, 2023, 6:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.